স্পেচিয়েল এনফ'ৰ্চমেণ্ট ব্যুৰোৱে শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত ই-কমাৰ্চ ছাইট এমাজন (E-Commerce Site Amazon)ৰ জৰিয়তে গাঞ্জাৰ চোৰাং ব্যৱসায় (Cannabis Smuggling)ৰে জড়িতৰ অভিযোগত পিতৃ-পুত্ৰসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাসকল ক্ৰমে শ্ৰীনিৱাসা ৰাও আৰু তেওঁৰ পুত্ৰ মোহন ৰাজু, জে কুমাৰাস্বামী, বি কৃষ্ণম ৰাজু আৰু ভেংকটেশ্বৰ ৰাও।
অভিযানৰ বিষয়ে জানিবলৈ দি স্পেচিয়েল এনফ'ৰ্চমেণ্ট ব্যুৰো (SEB)ৰ যুটীয়া সঞ্চালক এছ সতীশ কুমাৰে কয় যে মূল অভিযুক্তৰ পৰা ৪৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছে। উল্লেখ্য, মধ্য প্ৰদেশত ভিণ্ড আৰক্ষীয়ে গাঞ্জা চোৰাং কৰাৰ বাবে অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰা এটা গাঞ্জা ব্যৱসায়ৰ ৰেকেট উতখাত কৰিছিল।
মধ্য প্ৰদেশ (Madhya Pradesh)ৰ দুই ব্যক্তি, সুৰজ আৰু মুকুল জয়ছোৱালে এমাজনত বিক্ৰেতা হিচাপে পঞ্জীয়নভুক্ত কৰি গাঞ্জা ব্যৱসায় কৰাৰ চেষ্টা কৰিছিল। এই দুয়োজনে বিশাখাপত্তনম (Visakhapatnam)ৰ পৰা কম্পাৰ্টমেণ্টটো প্ৰেৰণ কৰিবলৈ আন প্ৰতিষ্ঠানৰ জিএছটি নম্বৰ ব্যৱহাৰ কৰিছিল।
অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ কৰা শ্ৰীনিবাস ৰাও আৰু মোহন ৰাজু নামৰ পিতৃ-পুত্ৰৰ যুটিয়ে যোগানকৰ্তা হিচাপে কাম কৰিছিল। পিতৃ-পুত্ৰৰ সৈতে সহযোগী ৰূপে থকা এমাজনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে এজন গাড়ীচালকক ৰূপে এমাজনত কাম কৰিছিল।
আনহাতে এমাজনে এটা বিবৃতিত কৈছিল যে ই ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে অবৈধ সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি নিদিয়ে আৰু গোচৰটোৰ তদন্তত সহযোগিতা কৰি আছে। উল্লেখ্য, এমাজন ই-কমাৰ্চ প্লেটফৰ্মৰ দ্বাৰা পুলৱামা বোমা বিস্ফোৰণত ব্যৱহূত নিষিদ্ধ বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰা আৰু শেহতীয়াকৈ গাঞ্জা সৰবৰাহক লৈ কোম্পানীটোৰ বিৰুদ্ধে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)এ অলপতে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|