• Home
  • »
  • News
  • »
  • nation
  • »
  • OPINION| প্ৰতিবাদৰ নামত ব্যৱসায়িক সম্পত্তি ধ্বংস কৰিলে দেশ আগবাঢ়িব পাৰিবনে?

OPINION| প্ৰতিবাদৰ নামত ব্যৱসায়িক সম্পত্তি ধ্বংস কৰিলে দেশ আগবাঢ়িব পাৰিবনে?

OPINOIN| প্ৰতিবাদৰ নামত ব্যৱসায়িক সম্পত্তি ধ্বংস কৰিলে দেশ আগবাঢ়িব পাৰিবনে?

OPINOIN| প্ৰতিবাদৰ নামত ব্যৱসায়িক সম্পত্তি ধ্বংস কৰিলে দেশ আগবাঢ়িব পাৰিবনে?

OPINOIN| প্ৰতিবাদৰ নামত ব্যৱসায়িক সম্পত্তি ধ্বংস কৰিলে দেশ আগবাঢ়িব পাৰিবনে?

  • Share this:
কৃষক আন্দোলনৰ নামত হাজাৰ হাজাৰ টেলিকম টাৱাৰ ধ্ৱংস কৰিলে লাভ কাৰ হ'ব?
ভাৰতত আইফোন কণ্ট্ৰেক্ট মেন'ফেকচাৰ কাৰখানাৰ প্ৰাংগনত হিংসাত্মক কাৰ্যকলাপৰ লগতে ধ্বংসলীলা চলিছে। ইয়াৰ পৰা কোন লাভৱান হৈছে?

সেইদৰে  ভাৰতে বিশ্ৱৰ আগশাৰীৰ নিৰ্মাতা প্ৰতিষ্ঠানক আমন্ত্ৰণ জনোৱাৰ সমস্ত প্ৰক্ৰিয়াটো ধ্ৱংস কৰি পেলালে লাভ কাৰ হ'ব?

২০৩২-৩২ বৰ্ষত ভাৰতে নিজৰ অৰ্থনীতি ১০ ট্ৰিলিয়ন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। কিন্তু তাৰ মাজতে এনেধৰণৰ ঘটনা সংঘটিত কৰি প্ৰচাৰ মাধ্যমৰ জৰিয়তে ইচ্ছাকৃত ভাবে এনেধৰণৰ ঘটনা বহুল ভাবে প্ৰচাৰ কৰি দেশৰ অন্যতম বৃহত্‍ উদ্যোগটোক ধ্ৱংস কৰিলে কোন উপকৃত হ'ব?

আন্দোলন, অস্থিৰতা বা জটিল ব্যৱসায়িক সম্পদৰ ধ্ৱংসৰ কাৰণে বিশ্ৱ বিনিয়োগকাৰীয়ে আস্থা হেৰুৱাই পেলাব ভাৰতৰ প্ৰতি। ভাৰতৰ বিৰুদ্ধে যিখন দেশে সাধাৰণতে এনেধৰণৰ কূটকৌশল ৰচনা কৰে, সেই দেশখনেই হল চীন দেশ।

ভাৰতৰ ঔদ্যোগিক খণ্ডৰ অন্যতম বৃহত্‍ হ'ল চাৰ্ভিচ চেক্টৰ, যিয়ে ভাৰতৰ অৰ্থব্যৱস্থা ১০ ট্ৰিলিয়নৰ ঘৰ অতিক্ৰম কৰাত গুৰুত্ৱপূৰ্ণ ভূমিকা ল'ব, আৰু যদি এই খণ্ডৰ ওপৰত আক্ৰমণ চলাব পৰা যায়, তেন্তে ভাৰত চৰকাৰৰ এই সপোন বাস্তৱত ৰূপায়িত হোৱাত যথেষ্ট কষ্টকৰ হ'ব।

চীনা কোম্পানী  যেনে হাবাই আৰু জেড টি ইয়ে 5G বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে । এই সেৱা বৰ্তমান চলি থকা সেৱাতকৈ ১০০ গুণ ফাষ্ট। চীনে 5G সেৱা চলিত বৰ্ষৰ আৰম্ভণিতে আৰম্ভ কৰিছিল। অক্টোবৰ মাহত ৰিলায়েন্সে 5G প্ৰযুক্তিৰ ট্ৰায়েল আৰম্ভ কৰিছে। জিঅই গুগ’লৰ সৈতে 5G সেৱা উপলৱ্ধ ফোনৰো পৰিকল্পনা কৰিছে। আৰু তেনে সময়তে যদি দেশৰ টেলিকম চেক্টৰৰ ওপৰত আক্ৰমণ কৰা হয়, তেন্তে ইয়াৰ ফলত ভাৰতবৰ্ষ ব্যাপক ভাবে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

দ্ৱিতীয়তে, নতুন কৃষি আইন বলৱত্ হোৱাৰ পিছত, এয়া নিশ্চিত যে, ভাৰতৰ কৃষি খণ্ডই ভাৰতৰ অৰ্থব্যৱস্থা শক্তিশালী কৰাত সৱল ভূমিকা ল'ব। কিন্তু প্ৰতিবাদেৰে এই কৃষি আইন বাতিল কৰিব পাৰিলে ভাৰতৰ এই সপোনে সাকাৰ ৰূপ পোৱাৰ ক্ষেত্ৰত আকৌ জটিলতা আহি পৰিব। ইফালে ভাৰতৰ অৰ্থ ব্যৱস্থা শক্তিশালী হোৱাটো কোনো কাৰণতে বিচৰা নাই চীনে। গতিকে এই ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন বোধকৰ সৃষ্টি হয়।

বেছি সংখ্যক কৃষকে দেশৰ শেহতীয়া ব্যবস্থাৰ বিশেষ খবৰ নাৰাখে। ফলত পাঞ্জাৱৰ কৃষকসকলক এইবাৰ লক্ষ্য কৰি লৈছে বাওপন্থীসকলে। নিৰ্দোষী কৃষকসকলক ব্যৱহাৰ কৰি নিজৰ কু-চক্ৰান্ত ৰচনা কৰিছে বাওপন্থীসকলে। সেইদৰে মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতে চীনক অত্যন্ত ক্ষতি কৰিছে। চীনে হেৰুৱাইছে এখন বৃহত্‍ বজাৰ। আনকি কোৰোণাৰ এই ভয়াৱহতাৰ সময়তে ভাৰতে অন্য ৰাষ্ট্ৰলৈও সমৰ্থন আগবঢ়াইছে। গতিকে এনে সময়ত কৃষকসকলক ব্যবহাৰ কৰি দেশত থকা চীনা এজেণ্টে কৰিছে গভীৰ ষড়যন্ত্ৰ।

ইয়াৰ উপৰিও কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দল-সংগঠনে কৃষকৰ মূৰৰ ওপৰত বন্দুক থৈ নিজৰ ৰাজনৈতিক লাভা-লাভৰ বাবে কাম কৰি আছে। চৰকাৰ-প্ৰশাসন অস্থিৰ কৰিবলৈ তেওঁলোকে কৰা ষড়যন্ত্ৰত সোমাই পৰিছে একাংশ কৃষকে। ইয়াত ব্যৱহাৰ কৰা হৈছে সাধাৰণ কৃষকসকলক।

Pathikrit Payne(লেখক ৰাজনৈতিক বিশ্লেষক)
Published by:Himangshu Bhuyan
First published: