কোন হ'ব দেশৰ ৰাষ্ট্ৰপতি তাকে লৈ দেশৰ শাসক-বিৰোধীয়েও কুচকাৱাজ আৰম্ভ কৰিছে। সংবিধানত এনে কোনো বাধা নিষেধ নাই যে এজন লোকে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ'ব নোৱাৰে। সেই দিশৰ পৰা ৰামনাথ কোবিন্দ পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনাও নথকা নহয়। পিছে ভাৰতৰ ইতিহাসত একমাত্ৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ বাহিৰে কোনোৱেই দ্বিতীয় কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি নিযুক্ত হোৱাৰ সৌভাগ্য লাভ কৰা নাই। দেশত প্ৰতিবাৰেই নতুন ৰাষ্ট্ৰপতি নিয়োগ কৰাটো এক পৰম্পৰাতেই পৰিণত হৈছে। আৰু এটা কথা এই যে অহা অক্টোবৰত ৭৬ বছৰীয়া হ'ব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আনহাতে ৭৫ বছৰতকৈ অধিক বয়সৰ লোকক কোনো পদ দিয়াৰ নীতিৰ বিৰোধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
With D Nation facing unprecedented Labyrinth's day after day
Der is a need 4 "The President" who not only can strategise & implement,
but also has a big heart & see whole nation as one Big Family !
I propose @RNTata2000 ji as the next President of India#RatanTataforPresident pic.twitter.com/rlstJGjyMJ
— Naga Babu Konidela (@NagaBabuOffl) August 9, 2021
বিৰোধীৰ শিবিৰৰ পৰা ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিব পৰা আটাইতকৈ ডাঙৰ নেতাজন হৈছে NCPৰ শাৰদ পাৱাৰ (Sharad Powar)। কিন্তু এই পৰ্যন্ত পাৱাৰে এই কথা অস্বীকাৰ কৰিছে। একেসময়তে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু (Venkaya Naidu)ৰ নামো উচ্চাৰিত হৈ আছে। NDAৰ তৰফৰ পৰা আৰু এট নাম চৰ্চাত আছে, তেওঁ হৈছে কেৰালাৰ ৰাজ্যপাল আৰিফ মোহম্মদ খান (Arif Mohammad Khan)। নিতীশ কুমাৰ (Nitish Kumar)ৰ নামো চৰ্চাত আছে যদিও বিহাৰ যদি এৰে তেন্তে তেওঁ উপৰাষ্ট্ৰপতি হোৱাৰহে সম্ভাৱনা অধিক। 'নই দুনীয়া' নামৰ এখন কাকতত প্ৰকাশ পাইছে এই খবৰ।