মুখ্যপৃষ্ঠা »খবৰ »দেশ »নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ AAPৰ প্ৰাৰ্থীয়ে লাভ কৰিলে ইটোৰ পিছত সিটো বিবাহৰ প্ৰস্তাৱ

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ AAPৰ প্ৰাৰ্থীয়ে লাভ কৰিলে ইটোৰ পিছত সিটো বিবাহৰ প্ৰস্তাৱ

Source-Raghav Chadha FB

Source-Raghav Chadha FB

সমষ্টিৰ মহিলা সমৰ্থকসকলে এতিয়া বিধায়কতকৈ দৰাৰ ৰূপতহে চাব বিচাৰে ৰাঘৱ চড্ডাক

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন। ইতিমধ্যে শেষ হৈছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত হৈছে বহু কেইটা আজৱ ঘটনা।  দিল্লীৰ ৰাজিন্দৰ নগৰ বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ৰাঘৱ চড্ডাক সমষ্টিৰ মহিলা সমৰ্থকসকলে বিধায়কতকৈ দৰাৰ ৰূপতহে চাব বিচাৰে। সেইদৰে বহুতে জোঁৱাইৰ ৰূপতো চাব বিচাৰে ৰাঘৱ চড্ডাক।



৩১ বছৰীয়া ৰাঘৱ চড্ডা চাৰ্টাৰ্ড একাউণ্টেণ্ট। ৰূপে গুণে অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ৰাঘৱ চড্ডাক এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে বহু সমষ্টিৰ বহু যুৱতীয়ে দিছে বিবাহৰ প্ৰস্তাৱ। বিগত ১৫ দিনত ছচিয়েল মিডিয়াত প্ৰায় ১২ গৰাকী যুৱতীয়ে বিবাহৰ প্ৰস্তাৱ দিছে ৰাঘৱক।

ৰাঘৱ চড্ডাৰ ছচিয়েল মিডিয়া মেনেজাৰে কয় যে, ‘এগৰাকী মহিলাই ৰাঘৱক টুইটাৰত টেগ কৰি বিবাহৰ প্ৰস্তাৱ দিছিল, তেতিয়া চড্ডাই মহিলাগৰাকীক কয় যে, বৰ্তমান দেশৰ অৰ্থব্যৱস্থা সংকটত। এই সময় বিবাহৰ বাবে উপযুক্ত নহয়। ইফালে instagramতো এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে ৰাঘৱৰ মহিলা ফল’ৱাৰৰ সংখ্যা।

শেহতীয়া বাতৰি