RBIৰ হাৰ কৰ্তন, ২০লাখৰ হোম লোনত প্ৰতিমাহে ইমান টকা সঞ্চয়

RBIৰ মনিটৰী কমিটিয়ে পলিচী ৰেটৰ ০.২৫শতাংশ হাৰ কৰ্তন কৰিছে। এই কৰ্তনৰ বাবে ৰেপ’ ৰেট ৫.৭৫শতাংশ হ’ল। বিগত ৯বছৰৰ আটাইতকৈ কম ৰেপ’ ৰেট এয়া। 

news18
Updated:June 6, 2019, 4:17 PM IST
RBIৰ হাৰ কৰ্তন, ২০লাখৰ হোম লোনত প্ৰতিমাহে ইমান টকা সঞ্চয়
RBIৰ মনিটৰী কমিটিয়ে পলিচী ৰেটৰ ০.২৫শতাংশ হাৰ কৰ্তন কৰিছে। এই কৰ্তনৰ বাবে ৰেপ’ ৰেট ৫.৭৫শতাংশ হ’ল। বিগত ৯বছৰৰ আটাইতকৈ কম ৰেপ’ ৰেট এয়া। 
news18
Updated: June 6, 2019, 4:17 PM IST
বৃহস্পতিবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মণিটৰী কমিটিয়ে পলিচী ৰেটত ০.২৫শতাংশ হাৰ কৰ্তন কৰিছে। ইয়াৰ লগে লগে ৰেপ’ ৰেট ৫.৭৫ শতাংশলৈ হ্ৰাস পালে। এয়া বিগত ৯বছৰৰ আটাইতকৈ কম ৰেপ’ ৰেট। আৰবিআইয়ে এয়া একেৰাহে তৃতীয় বাৰলৈ পলিচী ৰেট হ্ৰাস কৰিছে। বিত্তীয় বৰ্ষ ২০১৯–২০ত দ্বিতীয় বাৰ আৰবিআইয়ে হাৰ কৰ্তন কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত এয়া প্ৰথম পলিচী ৰিভিউ। ৰেপ’ ৰেট হ্ৰাস হোৱাৰ লগে লগে সকলো ধৰনৰ ঋণ সস্তীয়া হ’ব। অৱশ্যে এয়া বেংকৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে ৰেপ’ ৰেট হ্ৰাস হোৱাৰ লাভ গ্ৰাহসকলক কেতিয়ালৈ আৰু কিমান দিব পাৰে। ৰেপ’ ৰেট হৈছে আৰবিআইয়ে বেংকসমূহক ঋণ দিয়া সুতৰ হাৰ।

৩০লাখ টকাৰ হোমলোনত মাহে ৪৭৪টকাৰ সঞ্চয়

যদি আপুনি ৩০লাখ টকাৰ হোমলোন লৈছে আৰু ইয়াৰ অৱধি ২০বছৰ তেনেহ’লে বৰ্তমানৰ হাৰ অনুসৰি ৮.৬০শতাংশৰ ভিত্তিত আপুনি মাহে ২৬,২২৫টকা দিব লাগে। যদি আৰবিআইৰ পিছে পিছে বেংকেও ০.২৫শতাংশ সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় তেনেহ’লে নতুন সুতৰ হাৰ ৮.৩৫শতাংশ হ’ব। আপোনাৰ নতুন ইএমআই হ’ব ২৫,৭৫১টকা। এনেকৈ প্ৰতিমাহে আপুনি ৪৭৪টকা সঞ্চয় কৰিব পাৰিব।

২০লাখৰ হোমলোনত ৩১৬টকাৰ সঞ্চয়

যদি আপুনি ২০লাখ টকাৰ হোমলোন লৈছে আৰু ইয়াৰ অৱধি ২০বছৰ তেনেহ’লে বৰ্তমানৰ হাৰ ৮.৬০শতাংশৰ ভিত্তিত আপুনি ১৭,৪৮৩টকা মাহে আদায় দিব লাগে। যদি আৰবিআইৰ পিছে পিছে বেংকেও ০.২৫শতাংশ সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় তেনেহ’লে নতুন সুতৰ হাৰ ৮.৩৫শতাংশ হ’ব। এতিয়া আপোনাৰ নতুন ইএমআই ১৭,১৬৭টকা হ’ব। ফলত প্ৰতিমাহে আপোনাৰ সঞ্চয় হ’ব ৩১৬টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি