• Home
  • »
  • News
  • »
  • nation
  • »
  • Amazon India: পুলৱামা কাণ্ডত ব্যৱহৃত বিস্ফোৰক সৰবৰাহত এমাজন জড়িত, ই–কমাৰ্চ কোম্পানীটোক লৈ গুৰুতৰ অভিযোগ CAITৰ

Amazon India: পুলৱামা কাণ্ডত ব্যৱহৃত বিস্ফোৰক সৰবৰাহত এমাজন জড়িত, ই–কমাৰ্চ কোম্পানীটোক লৈ গুৰুতৰ অভিযোগ CAITৰ

 CAITয়ে নিয়াৰ তদন্তত ওলোৱা চাঞ্চল্যকৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰা বাবে এমাজনৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল বুলি অভিযোগ কৰে।

CAITয়ে নিয়াৰ তদন্তত ওলোৱা চাঞ্চল্যকৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰা বাবে এমাজনৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল বুলি অভিযোগ কৰে।

CAITয়ে নিয়াৰ তদন্তত ওলোৱা চাঞ্চল্যকৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰা বাবে এমাজনৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল বুলি অভিযোগ কৰে।

  • Share this:

''ই-কমাৰ্চ কোম্পানী এমাজনৰ জৰিয়তে মাৰিজুৱানা বিক্ৰী কৰাটো এমাজনৰ নতুন আৰু প্ৰথম অপৰাধ নহয়।'' এই দাবী কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)ৰ। উল্লেখ্য, এমাজনৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গাজা সৰবৰাহক লৈ মধ্যপ্ৰদেশত গোচৰ ৰুজু হোৱাৰ সময়তে ই-কমাৰ্চ কোম্পানীটোক লৈ অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।


সংস্থাটোৱে প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বে ২০১৯ চনত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হোৱা পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED) প্ৰস্তুতৰ বাবে ৰাসায়নিক পদাৰ্থ ই-কমাৰ্চ পৰ্টেলৰ জৰিয়তে অনা হৈছিল। এই সন্দৰ্ভত তদন্ত চলোৱা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ই ২০২০ চনৰ মাৰ্চত ইয়াৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে বুলি প্ৰকাশ কৰে CAITয়ে।


CAITৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতীয়া আৰু সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে কয় যে নিয়াৰ প্ৰাৰম্ভিক জেৰাৰ সময়ত গ্ৰেপ্তাৰবৰণ হোৱা অভিযুক্তই প্ৰকাশ কৰিছিল যে তেওঁ IED, বেটাৰী আৰু আন সামগ্ৰী তৈয়াৰ কৰাৰ বাবে ৰাসায়নিক পদাৰ্থ এমাজন অনলাইন শ্বপিঙৰ জৰিয়তে আনিছিল। CAITৰ মতে, পুলৱামা কাণ্ডৰ ফৰেনছিক অনুসন্ধানত এই কথা জানিব পৰা গৈছিল যে ইয়াত ব্যৱহূত এমোনিয়াম নাইট্ৰেটৰ দৰে ৰাসায়নিক পদাৰ্থ অনলাইনযোগে ৰপ্তানি কৰা এমাজন আৰু ইয়াৰ বিষয়াসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে।


ই-কমাৰ্চ পৰ্টেলবোৰক দিয়া অবাধ স্বাধীনতাৰ ফলত এনে ঘটনা সংঘটিত কৰাৰ সুযোগ সন্ত্ৰাসবাদীয়ে লৈছিল বুলি উল্লেখ কৰি CAITয়ে নিয়াৰ তদন্তত ওলোৱা চাঞ্চল্যকৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰা বাবে এমাজনৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল বুলি অভিযোগ কৰে।


CAITয়ে উল্লেখ কৰে যে বিস্ফোৰক আইন, ১৮৮৪ৰ অধীনত এমোনিয়াম নাইট্ৰেটৰ মুকলি বিক্ৰী, ক্ৰয় আৰু নিৰ্মাণ নিষিদ্ধ কৰা হৈছিল ভাৰতত ২০১১ চনত। মুম্বাই, বাৰাণসী আৰু মালেগাঁৱৰ বিস্ফোৰণতো এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল বাবে এই নিষিদ্ধকৰণৰ ব্যৱস্থা লোৱা হৈছিল। কিন্তু পুনৰ পুলৱামাত ইয়াৰ ব্যৱহাৰ হোৱাটো পৰিতাপৰ বিষয় বুলি উল্লেখ কৰি CAITয়ে কয় যে ২০১৬ চনৰ পৰা তেওঁলোকে ই-কমাৰ্চৰ বাবে আইন আৰু নীতি–নিয়মৰ দাবী কৰি আহিছে যদিও এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই।


এনে প্ৰেক্ষাপটত CAITয়ে এই গোচৰ পুনৰ মুকলি কৰি এমাজন পৰ্টেল পৰিচালনা কৰি থকা ব্যক্তিসকলৰ বিৰুদ্ধে নিৰ্দিষ্ট আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তোলে। CAITৰ দুই বিষয়াই ইতিমধ্যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ই-কমাৰ্চ মন্ত্ৰী পীয়ূষ গোৱেলক FDI নীতিৰ প্ৰেছ নোট নং ২ৰ সলনি ই-কমাৰ্চ নিয়ম, ই-কমাৰ্চ নীতি আৰু নতুন প্ৰেছ নোট অতি শীঘ্ৰে মুকলি কৰিবলৈ আহ্বান জনায়।

Published by:Gautam Barman
First published: