Cafe Coffee Dayৰ মালিক ভি জি সিদ্ধাৰ্থ সন্ধানহীন

বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।

News18-Assam
Updated:July 30, 2019, 9:50 AM IST
Cafe Coffee Dayৰ মালিক ভি জি সিদ্ধাৰ্থ সন্ধানহীন
বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।
News18-Assam
Updated: July 30, 2019, 9:50 AM IST
ভাৰতৰ প্ৰখ্যাত ব্যৱসায়ী তথা Cafe Coffee Dayৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থ সন্ধানহীন। বেংগালুৰুৰ নেত্ৰাৱতী নদীৰ সমীপৰ পৰা নিখোজ সিদ্ধাৰ্থ। আৰক্ষী আৰু ক’ষ্টগাৰ্ডৰ দলে অব্যাহত ৰাখিছে অনুসন্ধান। ভি জি সিদ্ধাৰ্থ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ জোৱাঁই। ১৯৯৬ চনত বেংগালুৰুৰ ব্ৰিগেড ৰোডত কেফে কফি ডে’ৰ আৰম্ভণি কৰিছিল সিদ্ধাৰ্থই। প্ৰথমে ইণ্টাৰনেট কেফেৰ সৈতে কফিৰ ব্যৱসায় আৰম্ভ কৰিছিল সিদ্ধাৰ্থই। ইণ্টাৰনেটৰ সৈতে কফিৰ আমেজ নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

পিছত কাফে কফি ডে’ই নিজৰ ব্যৱসায় দেশজুৰি সম্প্ৰসাৰৰ সিদ্ধান্ত লয়। প্ৰথম ৫ বছৰত কিছুসংখ্যক কেফে খোলাৰ পিছত আজি Cafe Coffee Day দেশৰ ভিতৰতে জনপ্ৰিয় আৰু সৰ্ববৃহৎ কফিৰ খুচুৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে। বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি