• Home
  • »
  • News
  • »
  • nation
  • »
  • ১৬ আগষ্টত হ’ব কেবিনেট সম্প্ৰসাৰণ, মন্ত্ৰী হ’বলৈ সাজু হৈছে আৰজেডি দলৰ এইসকল নেতা

১৬ আগষ্টত হ’ব কেবিনেট সম্প্ৰসাৰণ, মন্ত্ৰী হ’বলৈ সাজু হৈছে আৰজেডি দলৰ এইসকল নেতা

আগন্তুক ১৬ আগষ্ট তাৰিখে বিহাৰত কেবিনেট সম্প্ৰসাৰণ হ’ব। এক তথ্য অনুসৰি, ললিত যাদৱ, চন্দ্ৰশেখৰ যাদৱ, জগদানন্দ সিংৰ পুত্ৰ সুধাকৰ সিং আৰু সুনীল কুমাৰ সিং মন্ত্ৰী হোৱাটো নিশ্চিত।

আগন্তুক ১৬ আগষ্ট তাৰিখে বিহাৰত কেবিনেট সম্প্ৰসাৰণ হ’ব। এক তথ্য অনুসৰি, ললিত যাদৱ, চন্দ্ৰশেখৰ যাদৱ, জগদানন্দ সিংৰ পুত্ৰ সুধাকৰ সিং আৰু সুনীল কুমাৰ সিং মন্ত্ৰী হোৱাটো নিশ্চিত।

আগন্তুক ১৬ আগষ্ট তাৰিখে বিহাৰত কেবিনেট সম্প্ৰসাৰণ হ’ব। এক তথ্য অনুসৰি, ললিত যাদৱ, চন্দ্ৰশেখৰ যাদৱ, জগদানন্দ সিংৰ পুত্ৰ সুধাকৰ সিং আৰু সুনীল কুমাৰ সিং মন্ত্ৰী হোৱাটো নিশ্চিত।

  • Share this:
বিহাৰত মহাজোটৰ চৰকাৰ বনোৱা নীতিশ কুমাৰে বিগত ১০ আগষ্ট তাৰিখে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। জানিব পৰা মতে, আগন্তুক ১৬ আগষ্ট তাৰিখে বিহাৰত কেবিনেট সম্প্ৰসাৰণ হ’ব। এক তথ্য অনুসৰি, ললিত যাদৱ, চন্দ্ৰশেখৰ যাদৱ, জগদানন্দ সিংৰ পুত্ৰ সুধাকৰ সিং আৰু সুনীল কুমাৰ সিং মন্ত্ৰী হোৱাটো নিশ্চিত। ইয়াৰ উপৰিও, অনন্ত সিংৰ ঘনিষ্ঠ ভূমিহাৰ সম্প্ৰদায়ৰ কাৰ্তিক মাষ্টৰৰ নামো মন্ত্ৰীত্বৰ তালিকাৰ শীৰ্ষত আছে। উল্লেখযোগ্য যে, ভূমিহাৰ সম্প্ৰদায়ৰ পৰা সৌৰভ জি আৰু অজয় কুমাৰ সিং দুয়ো মন্ত্ৰী হোৱাৰ দৌৰত আছে, যি আৰজেডি ৰ তৰফৰ পৰা নতুন চৰকাৰত মন্ত্ৰী হ’ব পাৰে।

মনকৰিবলগীয়া কথা যে, আৰজেডিৰ প্ৰবীণ নেতা আলোক মেহতাৰ নামো মন্ত্ৰীৰ বাবে স্থিৰ কৰা হৈছে। তেখেতে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু পৰাজিত হৈছিল। কিন্তু, বিধানসভা নিৰ্বাচনত আলোক মেহতাই জয় লাভ কৰিলে। জানিব পৰা মতে, কৌইৰী সম্প্ৰদায়ৰ আলোক মেহতাক লালু প্ৰসাদ যাদৱে বহুত ভাল পায় কিয়নো দলটোৰ বিপদৰ দিনত লালু প্ৰসাদৰ লগত তেখেত আছিল। সুধাকৰ সিং প্ৰবীণ নেতা জগদানন্দ সিংৰ পুত্ৰ যি বিহাৰ বিধানসভা আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ বিহাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

নীতিশ কেবিনেটৰ ৪-১ ফৰ্মুলা

নীতিশ কেবিনেটত ৪-১ ফৰ্মূলাৰে দলবোৰক মন্ত্ৰীপদ প্ৰদান কৰা হ'ব। সেই অনুসৰি, আৰ.জে.ডিয়ে সৰ্বাধিক ১৬ টা মন্ত্ৰীপদ লাভ কৰিব। ইতিমধ্যে, দলটোৰ পৰা তেজপ্ৰতাপ যাদৱৰ মন্ত্ৰী হোৱাটো খাটাং হৈছে। ইয়াৰ লগতে চন্দ্ৰশেখৰ, ভাতৃ বীৰেন্দ্ৰ, অনিতা দেৱী আৰু সুৰেন্দ্ৰ যাদৱক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও, মুন্নী দেৱী আৰজেডিৰ পৰা আচৰিত মুখ হ'ব পাৰে। একে সময়তে, এআইএমআইএম এৰি আৰজেডিত যোগদান কৰা চাৰিজন বিধায়কৰো এজন মন্ত্ৰী হ'ব পাৰে।

নতুন মিত্ৰতাৰ নতুন সমীকৰণত দিয়া হ'ব বিশেষ ধ্যান

জনতা দল ইউনাইটেডৰ কথা যদি কোৱা হয় তেন্তে ধাৰণা কৰা হৈছে যে জেডিইউৱে পুৰণি মন্ত্ৰীসকলকেই মন্ত্ৰীসভাত ৰাখিব য'ত নীতিশ কুমাৰে গৃহ মন্ত্ৰালয় আগৰ দৰে নিজৰ অধীনতে ৰাখিব বিচাৰিছে। পূৰ্বতে বিজেপিৰ সৈতে থকা দপ্তৰবোৰ আৰজেডি আৰু কংগ্ৰেছৰ মাজত বিতৰণ কৰা হ'ব। এতিয়া নীতিশ কুমাৰৰ মন্ত্ৰীসভাতো মাই সমীকৰণৰো যত্ন লোৱা হ'ব। গতিকে বিজেপিৰ দৰে আৰজেডিয়েও এতিয়া বিহাৰ বিধানসভাৰ অধ্যক্ষৰ পদ লাভৰ সম্ভাৱনা অধিক।
Published by:Sanjay Kumar Das
First published: