
এই নামে অৰুণাচলৰ লোকৰ সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প'ল') ৰ প্ৰতি থকা শ্ৰদ্ধাকে প্ৰতিফলিত কৰিছে
এই নামে অৰুণাচলৰ লোকৰ সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প'ল') ৰ প্ৰতি থকা শ্ৰদ্ধাকে প্ৰতিফলিত কৰিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ইটানগৰৰ হোলংগীস্থিত গ্ৰীনফিল্ড বিমানবন্দৰক “ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ” হিচাপে নামকৰণত অনুমোদন জনাইছে।
অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰে বিমানবন্দৰটোৰ নাম ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই নামে সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প’ল’) ৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধাৰ প্ৰতিফলনেৰে ৰাজ্যখনৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যকে সূচিত কৰে।
ভাৰত চৰকাৰে ২০১৯ ৰ জানুৱাৰীত হোলংগী গ্ৰীনফিল্ড বিমানবন্দৰৰ উন্নয়নৰ বাবে ‘নীতিগত’ অনুমোদন জনাইছিল। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (AAI) কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰৰ সহযোগত ৬৪৬ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|