১০ ডিচেম্বৰত গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক, জনালে ডঃ হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:November 30, 2019, 8:55 AM IST
১০ ডিচেম্বৰত গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক, জনালে ডঃ হিমন্ত বিশ্ব শৰ্মাই
ফাইল ফটো

অমিত শ্বাহৰ বৈঠকত বিধেয়কৰ ঘোৰ বিৰোধিতা ত্ৰিপুৰা আৰু মিজোৰামৰ দল–সংগঠনৰ।

  • Share this:
বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনালে, অহা ১০ ডিচেম্বৰত গৃহীত হ’ব CAB। বিধেয়কক লৈ ত্ৰিপুৰা, মিজোৰামৰ দল সংগঠনে গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত বিৰোধ কৰাৰ কথা তেওঁ উল্লেখ কৰে। দল–সংগঠনে কোনো কাৰণে বিধেয়কখন নামানে বুলিও জনায়। গৃহমন্ত্ৰীৰ সন্মুখত CABৰ মুকলিকৈ বিৰোধিতা কৰি দুয়োখন ৰাজ্যক বিধেয়কৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ দাবী জনায় দল–সংগঠনে। শুকুৰবাৰে নিশা দল-সংগঠনেৰে বিধেয়কখনক লৈ বৈঠকত মিলিত হৈছিল গৃহমন্ত্ৰী। এই বৈঠকত উপস্থিত আছিল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।
দল সংগঠনৰ দাবী, পৰামৰ্শক কেন্দ্ৰই গুৰুত্ব সহকাৰে ল’ব বুলি তেওঁ উল্লেখ কৰে।
প্ৰয়োজন হ’লে এই দাবীসমূহ বিলখনৰ সন্নিবিষ্ট কৰাৰ কথা ডঃ শৰ্মাই উল্লেখ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি