মুখ্যপৃষ্ঠা »খবৰ »দেশ »লোকসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক, সপক্ষে ৩১১টা ভোট, বিপক্ষে ৮০টা ভোট

লোকসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক, সপক্ষে ৩১১টা ভোট, বিপক্ষে ৮০টা ভোট

৭ঘণ্টাৰ বিতৰ্কৰ অন্তত বিধেয়কখন নিম্নসদনত গৃহীত।

৭ঘণ্টাৰ বিতৰ্কৰ অন্তত বিধেয়কখন নিম্নসদনত গৃহীত।

  • Share this:
অৱশেষত লোকসভাত গৃহীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক। অসমীয়া ৰাইজৰ অস্তিত্বৰ যুঁজ তীব্ৰতৰ হোৱাৰ সময়তে এইবোৰলৈ তিলমানো গুৰুত্ব প্ৰদান নকৰাকৈ কেন্দ্ৰই সংখ্যাৰ জোৰত লোকসভাত গৃহীত কৰালে CAB। বিধেয়কৰ সপক্ষে ৩১১টা ভোট আৰু বিৰুদ্ধে ৮০টা ভোট পৰে। বিভিন্ন জল্পনা–কল্পনাৰ মাজত বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায় শিৱসেনা আৰু জেডিইউয়ে। ইয়াৰ পিছতে মঙলবাৰে পুৱা ১১বজালৈ লোকসভাৰ সকলো কাৰ্যসূচী স্থগিত কৰা হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি কয় যে, অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য আছে। এই বিধেয়কখনেৰে শৰণাৰ্থীসকলক সুৰক্ষা প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে, ১৯৭৫চনৰ পিছত বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছিল।

শেহতীয়া বাতৰি