শীঘ্ৰে বলৱত্ হ’ব নাগৰিকত্ব সংশোধনী আইন। কোৰোণা মহামাৰীৰ বাবে হৈছে বিলম্ব। সোমবাৰে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই।
শীঘ্ৰে বলৱত্ হ’ব নাগৰিকত্ব সংশোধনী আইন। কোৰোণা মহামাৰীৰ বাবে হৈছে বিলম্ব। সোমবাৰে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই।
শীঘ্ৰে বলৱত্ হ’ব নাগৰিকত্ব সংশোধনী আইন। কোৰোণা মহামাৰীৰ বাবে হৈছে বিলম্ব। সোমবাৰে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। এখন দলীয় কাৰ্যকৰ্তাৰ সভাত উপস্থিত থাকি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন বলৱত্ কৰিবলৈ বিজেপি প্ৰতিজ্ঞাবদ্ধ বুলি জানিবলৈ দিয়ে।
নাড্ডাই কয় যে, ‘নাগৰিকত্ব সংশোধনী আইন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক। আনহাতে বিজেপিও বলৱত্ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। কোৰোণা মহামাৰীৰ বাবে যদিও আইন খন বলৱত্ কৰাত বিলম্ব হৈছে, তথাপিও এতিয়া পৰিস্থিতি লাহে লাহে স্বাভাৱিক হোৱাত কেন্দ্ৰীয় চৰকাৰে এই দিশত আগবাঢ়িব।’ ইফালে আইনখনৰ ফ্ৰেমিং ৰুলছ ইতিমধ্যে আৰম্ভ হৈছে বুলিও জনাই জে পি নড্ডাই।
পশ্চিমবংগত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়া ভ্ৰমণসূচীৰে বেংগলত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। সোমবাৰে জেপি নড্ডাই নৰ্থ বেংগল, বিভিন্ন সামাজিক সংস্থা আৰু ধৰ্মীয় সংগঠনৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|