২ নবেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইনৰ খচৰা, CAA হ’ব নেকি পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী ইছ্যু?

News18 Assam | News18-Assam
Updated:October 24, 2020, 7:56 PM IST
২ নবেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইনৰ খচৰা, CAA হ’ব নেকি পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী ইছ্যু?
পশ্চিমবংগত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী আনকৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

পশ্চিমবংগত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী আনকৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

  • Share this:
Deadline ২ নবেম্বৰ!  এই Deadlineৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইনৰ খচৰা প্ৰস্তুত কৰিব লাগিব কেন্দ্ৰই। জমা দিব লাগিব লোকসভাৰ ‘Subordinate legislation’ কমিটীক।কিন্তু subordinate committeeএ কেন্দ্ৰই প্ৰস্তুত কৰা বিধি গ্ৰহণ কৰিবনে নাই সেই দিশটো হ’ব লক্ষণীয়। ইফালে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হ’বনে নাই, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। কাৰণ subordinate committeeত নাই বিজেপিৰ সংখ্যাগৰিষ্ঠতা। গতিকে বিধিৰ খচৰা গ্ৰহণ নকৰি committee এ ৰ’দ বদলৰ পৰামৰ্শ দিলে কেন্দ্ৰই কি নীতি ল’ব সেয়াও লক্ষণীয় বিষয় হ’ব।

আনহাতে কাৰ বিধি প্ৰস্তুত হ’লেই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত থকা কা বিৰোধী গোচৰো আৰম্ভ হ’ব। গতিকে সকলোবোৰ নেওচি কেনেদৰে কেন্দ্ৰীয় চৰকাৰে বিধি প্ৰস্তুত কৰি কা প্ৰযোজ্য কৰিব তাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে বিজেপিৰ ৰাজনীতি।

উল্লেখ্য যে, অসমবাসীৰ সকলো প্ৰতিবাদক নেওচি ২০১৯ৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰাইছিল CAA। সংসদত কা গৃহীত কৰালেও কিন্তু কা প্ৰযোজ্য কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে বিধি প্ৰস্তুত কৰা নাই। বিধি প্ৰস্তুত নকৰাৰ বাবে দেশত কা প্ৰযোজ্য হোৱা নাই আৰু ৬ টা ধৰ্মৰ লোকে নাগৰিকত্বও পোৱা নাই।

কিন্তু এতিয়া সন্মুখত অসম আৰু পশ্চিমবংগৰ নিৰ্বাচন। বিশেষকৈ পশ্চিমবংগত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 7:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading