গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নাই CAAৰ বিধি, জনালে গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই

News18 Assam | News18-Assam
Updated:November 27, 2020, 12:44 PM IST
গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নাই CAAৰ বিধি, জনালে গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিধি। এই কথা আজি দিল্লীস্থিত সাংবাদিকক টেলিফোন যোগে অৱগত কৰে মন্ত্ৰণালয়ৰ মুখপাত্ৰই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিধি। এই কথা আজি দিল্লীস্থিত সাংবাদিকক টেলিফোন যোগে অৱগত কৰে মন্ত্ৰণালয়ৰ মুখপাত্ৰই।

  • News18 Assam
  • Last Updated: November 27, 2020, 12:44 PM IST
  • Share this:
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিধি। এই কথা আজি দিল্লীস্থিত সাংবাদিকক টেলিফোন যোগে অৱগত কৰে মন্ত্ৰণালয়ৰ মুখপাত্ৰই। বৃহস্পতিবাৰে প্ৰকাশ পোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিধি সন্নিবিষ্ট নথি আছিল সম্পূৰ্ণ ভুৱা। ২০২১ চনৰ মাৰ্চৰ প্রধানমন্ত্ৰী নৰেন্দ্র মোদীৰ বাংলাদেশ ভ্ৰমণৰ পাছতহে বিধি প্ৰস্তুত কৰাৰ সম্ভৱনা আছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰীয়ে ঢাকাত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাছিনাই নাগৰিকত্ব সংশোধনী আইনৰ মুকলিকৈ বিৰোধিতা কৰিছিল। আইনখন গৃহীত হোৱাৰ পাছত বাংলাদেশৰ একাধিক মন্ত্ৰীয়েও ভাৰত ভ্ৰমণ বাতিল কৰিছিল।

আনহাতে যোৱা ২০ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম বিজেপিৰ নেতৃত্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকখনতো এই বিষয়টো উত্থাপন হোৱা বুুলি জানিব পৰা গৈছে। বৈঠকত উপস্থিত থকা নাম প্ৰকাশত অনিচ্ছুক এজন নেতাই জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ আগে-আগে বিধি বলবৎ কৰাৰ সম্ভৱনা আছে ।

উল্লেখযোগ্য যে, গৃহ মন্ত্ৰণালয়ে কাৰ্যকৰী কৰাৰ পূৰ্বে বিধি সমূহ ‘Parliamentary Committee on Subordinate Legislation’লৈ প্ৰেৰণ কৰিব লাগিব। কমিটীখনৰ অনমোদন ক্ৰমেহে বিধি সমূহ প্ৰযোজ্য হ’ব।
Published by: Himangshu Bhuyan
First published: November 27, 2020, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading