এইখন মোদীৰ হিন্দুস্তান, এক ঘণ্টাত শেষ কৰি দিম CAA বিৰোধী প্ৰতিবাদঃ এগৰাকী বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য

News18 Assam | News18-Assam
Updated:December 25, 2019, 7:10 PM IST
এইখন মোদীৰ হিন্দুস্তান, এক ঘণ্টাত শেষ কৰি দিম CAA বিৰোধী প্ৰতিবাদঃ এগৰাকী বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য
Source-AAj Tak

হাৰিয়ানাৰ এগৰকী বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু NRCক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এতিয়া তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ চলি আছে। তাৰ মাজতে এজন বিজেপি বিধায়কে কৰিলে ইটোৰ পিছত সিটো বিতৰ্কিত মন্তব্য। আজটক সহ বহু ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, হাৰিয়ানাৰ বিজেপি বিধায়ক লীলাৰাম গুৰ্জৰে কয় যে, এইখন গান্ধী,নেহৰুৰ হিন্দুস্তান নহয়, এইখন মোদীৰ দেশ, মোদীৰ হিন্দুস্তান। যদি অনুমতি দিয়ে, তেন্তে মাত্ৰ ১ ঘণ্টাতে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ চলি থকা আন্দোলন শেষ কৰি দিম।
এগৰাকী দায়িত্বশীল বিধায়কৰ মুখৰ পৰা এনে ধৰণৰ কথা বতৰা ওলোৱাৰ পিছত এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ চৰ্চা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি