উত্তপ্ত মেঘালয়, CAAৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘাত, খাচী ছাত্ৰ নেতাৰ মৃত্যু

নতুন দিল্লীৰ উত্তেজনা মাৰ নৌযাওঁতেই পৰিস্থিতি জটিল হৈ পৰিছে মেঘালয়ত
নতুন দিল্লীৰ উত্তেজনা মাৰ নৌযাওঁতেই পৰিস্থিতি জটিল হৈ পৰিছে মেঘালয়ত
- News18 Assam
- Last Updated: February 29, 2020, 10:59 AM IST
চেৰাপুঞ্জীত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৰু সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছে খাচী ছাত্ৰ সন্থাৰ এজন কৰ্মী। CAAৰ বিৰুদ্ধে ছোহৰাৰ চেলাত অনুষ্ঠিত হৈছিল এখন প্ৰতিবাদী সভা। এই সভাতেই হাতে হাতে দা, কটাৰী, লাঠী লৈ CAA বিৰোধী সকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাই অজনজাতীয় সন্দেহজনক এটা লোকৰ দলে। এই ঘটনাৰ পিছতেই সমগ্ৰ মেঘালয়ত বিয়পি পৰে উত্তেজনা।
পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত পূব খাচী জিলা প্ৰশাসনে শ্বিলঙত শুকুৰবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৮ বজালৈ জাৰি কৰে সান্ধ্য আইন। তদুপৰি মেঘালয়ৰ পূব জয়ন্তীয়া, পূব খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ আৰু দক্ষিণ খাচী পাহাৰ জিলাত ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। আক্ৰমণত ছাত্ৰৰ মৃত্যুৰ পিছতেই সমগ্ৰ মেঘালয়ত এতিয়া ক্ষোভ বৃদ্ধি পাইছে জনজাতীয় লোকসকলৰ মাজত।