কেতিয়া কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন? অক্টোবৰত উকলিব তিনি মাহৰ সময়সীমা

News18 Assam | News18-Assam
Updated:October 22, 2020, 3:28 PM IST
কেতিয়া কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন? অক্টোবৰত উকলিব তিনি মাহৰ সময়সীমা
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক ৰাজপত্ৰিত জননীৰে এই বিধি সমূহ কাৰ্যকৰী কৰিব পাৰিব নেকি ? 

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক ৰাজপত্ৰিত জননীৰে এই বিধি সমূহ কাৰ্যকৰী কৰিব পাৰিব নেকি ? 

  • Share this:
নাগৰিকত্ব সংশোধনী আইনে যদিও সংসদৰ উভয় সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ অনুমোদনো লাভ কৰিলে; তথাপিও কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আইনখন প্ৰণয়ন কৰিবলৈ প্ৰয়োজনীয় বিধি সমূহ চূড়ান্ত কৰাৰ দিশত পলম কৰাত এতিয়াও আইনখন কাৰ্যকৰী হৈ উঠা নাই। নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ ৬ মাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰণালয়ে বিধি প্ৰস্তুত কৰি ‘Parliamentary Committee on Subordinate Legislation’লৈ প্ৰেৰণ কৰিব লাগে। নাগৰিকত্ব সংশোধনী বিধেয়কখনে ডিচেম্বৰৰ ৯ তাৰিখে লোকসভাত আৰু ডিচেম্বৰৰ ১১ তাৰিখে ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ডিচেম্বৰৰ ১২ তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল। গতিকে ২০২০ চনৰ মে’ মাহৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিধি প্ৰস্তুত কৰি সংসদীয় কমিটী খনলৈ প্ৰেৰণ কৰিব লাগিছিল।

কিন্তু জুন আৰু  জুলাই মাহ পাৰ হৈ যোৱাৰ পাছতো এই ক্ষেত্ৰত গৃহ মন্ত্ৰণালয়ৰ কোনো ধৰণৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হোৱা নাছিল। পাছত কমিটীখনে এই বিষয়টো দৃষ্টিগোচৰ কৰাত তৎপৰতা প্ৰদৰ্শন কৰে মন্ত্ৰণালয়ে। PTIয়ে আগষ্টৰ ২ তাৰিখে প্ৰকাশ কৰা বাতৰি অনুসৰি, গৃহ মন্ত্ৰণালয়ে এই ক্ষেত্ৰত সংসদীয় কমিটীখনৰ পৰা তিনি মাহৰ অতিৰিক্ত সময় বিচাৰিছে। সেই সময়ৰ সমাপ্ত হ’ব অক্টোবৰ মাহ অন্ত পৰাৰ লগে-লগে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক ৰাজপত্ৰিত জননীৰে এই বিধি সমূহ কাৰ্যকৰী কৰিব পাৰিব নেকি ? 

উল্লেখযোগ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই পশ্চিম বংগত কৈছিল – CAAৰ বিধি প্ৰস্তুতৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু শীঘ্ৰে আইনখন বলবৎ হ’ব। কিন্তু গৃহ মন্ত্ৰণালয়ে একক ভাৱে বিধি প্ৰণয়ন কৰি কাৰ্যকৰী কৰিব নোৱাৰে। মন্ত্ৰণালয়ে সেই বিধি সমূহ প্ৰেৰণ কৰিব লাগিব লোকসভাৰ ‘Subordinate Legislation Committee’লৈ। ১৫ জনীয়া লোকসভা সদস্যৰ এই কমিটীখনে বিধি সমূহ সংবিধান আৰু সংসদে কাৰ্যপালিকাক প্ৰদান কৰা ক্ষমতাৰ পৰিধিৰ ভিতৰত প্রস্তুত কৰা হৈছে নে নাই, সেই কথা পৰীক্ষা কৰিব। পৰীক্ষণৰ অন্তত কমিটীয়ে লোকসভাৰ মজিয়াত প্ৰতিবেদন দাখিল কৰিব।

প্ৰয়োজন সাপেক্ষে কমিটীয়ে বিধিৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াব পাৰে। যি পৰামৰ্শ গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিব লাগিব। কমিটীয়ে সহমত উপনীত নহ’লে মৌখিক ভোটৰ দ্বাৰা সিদ্ধান্তত উপনীত হোৱাৰ নিয়ম।

সংসদীয় কমিটীৰ গঠনঃ

লোকসভাৰ ‘Subordinate Legislation Committee’ খনত আছে সভাপতি সহ ১৫ জন সদস্য। সভাপতি ৰঘু ৰামকৃষ্ণ ৰাজু YSR Congressৰ সদস্য । তেওঁৰ বাদে বিজেপিৰ কমিটীখনত সদস্যৰ সংখ্যা ৬ জন, বিজেডিৰ এজন, জেডি (ইউ)ৰ এজন, ডিএমকৰ এজন, টিআৰএছৰ এজন, এছপিৰ এজন আৰু কংগ্ৰেছৰ দুজন। গতিকে শাসক দলটোৱে নিজৰ মতে বিধি প্ৰস্তুত কৰি কমিটীত গৃহীত কৰিবলৈ পুনৰ লিপ্ত হ’ব লাগিব অংকৰ ৰাজনীতিত। জেডি (ইউ)ৰ বাদে আন সদস্য সকলে বিধি সমূহত সাল-সলনিৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক।

উল্লেখযোগ্য যে, শাসক দলটোৱে অসম আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে বিধি সমূহ প্ৰণয়ন প্রচেষ্টা চলাব বুলি ৰাজনৈতিক বিশ্লেষক সকলে ক’ব খোজে।
Published by: Himangshu Bhuyan
First published: October 22, 2020, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading