এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ তাৰিখ ৪ নৱেম্বৰ ধাৰ্য কৰা হৈছে
এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ তাৰিখ ৪ নৱেম্বৰ ধাৰ্য কৰা হৈছে
এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ তাৰিখ ৪ নৱেম্বৰ ধাৰ্য কৰা হৈছে। পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত ২ নৱেম্বৰ শুনানিৰ তাৰিখ বুলি উল্লেখ আছিল। কিন্তু আজি ‘৪ নৱেম্বৰ বুধবাৰে’ এই শুনানি অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰা হৈছে ৱেবচাইটত। CAAৰ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল যোৱা জানুৱাৰীৰ ২২ তাৰিখে।
উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ মূল আবেদনকাৰী হৈছে ‘Indian Union Muslim League ’। আনহাতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও আইনখনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। এই আবেদন সমূহ প্ৰথমতে মূল আবেদনকাৰীৰে সংলগ্ন কৰি দিয়া হৈছিল যদিও পিছত উত্তৰ-পূৱৰ পৰা দাখিল হোৱা আবেদনসমূহ পৃথকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|