உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সৱৰীমালা গোচৰৰ পিছতহে হ’ব CAAৰ শুনানি, স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

    সৱৰীমালা গোচৰৰ পিছতহে হ’ব CAAৰ শুনানি, স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

    দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

    দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

    দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

    • Share this:
    দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰো বহু খবৰ আহিছে। অসমতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ বুলি দাবী কৰিছে বহুতে।

    নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে দেশৰ বিভিন্ন দল সংগঠম।  কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ পৰৱৰ্তী শুনানী সৱৰীমালা গোচৰৰ পাছতহে হ’ব বুলি স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে।

    মুখ্য ন্যায়াধীশ  ববডেৰ বিচাৰপীঠে স্পষ্ট কৰেছে এই কথা।  শীঘ্ৰে শুনানি বিচাৰি আবেদন কৰিছিল কপিল ছিবালে। উল্লেখযোগ্য যে, দুদিনৰ ভিতৰত ন্যায়ালয়ত শপতনামা দাখিল কৰিব কেন্দ্ৰই। বিচাৰপীঠক জনালে এৰ্টনী জেনেৰেল কে কে বেণুগোপালে
    Published by:Himangshu Bhuyan
    First published: