உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Bypolls Result Congress–BJP: দেশৰ উপ–নিৰ্বাচনত কংগ্ৰেছ–বিজেপি পূৰ্বৰ তুলনাত আছে লাভ–লোকচানৰ ঘৰত, তৃণমূল কংগ্ৰেছে দেখুৱালে চমক

    Bypolls Result Congress–BJP: দেশৰ উপ–নিৰ্বাচনত কংগ্ৰেছ–বিজেপি পূৰ্বৰ তুলনাত আছে লাভ–লোকচানৰ ঘৰত, তৃণমূল কংগ্ৰেছে দেখুৱালে চমক

    বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আছিল হিমাচল প্ৰদেশৰ মণ্ডি লোকসভাৰ আসন।

    বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আছিল হিমাচল প্ৰদেশৰ মণ্ডি লোকসভাৰ আসন।

    বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আছিল হিমাচল প্ৰদেশৰ মণ্ডি লোকসভাৰ আসন।

    • Share this:

    দেশৰ উপনিৰ্বাচনত তিনিখন লোকসভা আসন আৰু ১৩খন ৰাজ্যৰ ২৯খন বিধানসভা আসনৰ ফলাফল অনুযায়ী কংগ্ৰেছ-শিৱসেনাৰ পূৰ্বৰ তুলনাত লাভৰ ঘৰত থাকে এখন আসন, আনহাতে বিজেপিয়ে এখন লোকসভা আসন হেৰুৱায়।


    বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আছিল হিমাচল প্ৰদেশৰ মণ্ডি লোকসভাৰ আসন, বিজেপিয়ে চৰকাৰত থাকোঁতেও যোৱাবাৰ জয়লাভ কৰা মণ্ডি আসনখন হেৰুৱায়। ফলাফল অনুসৰি বিজেপিয়ে লোকসভাত ১খন আসন হেৰুৱালে আৰু কংগ্ৰেছে ১খন আসন লাভ কৰিলে, কিন্তু ২৯খন বিধানসভা আসনৰ উপ-নিৰ্বাচনত পূৰ্বৰ হিচাপত বিজেপিয়ে এখন আসন লাভ কৰিলে আৰু কংগ্ৰেছে দুখন আসন হেৰুৱাইছে।


    উপ-নিৰ্বাচনৰ ২৯খন আসনলৈ লক্ষ্য কৰিলে কংগ্ৰেছে যোৱা নিৰ্বাচনত ১০খন আসন লাভ কৰিছিল, আনহাতে আজিৰ ফলাফলত কংগ্ৰেছে মাত্ৰ ৮খন আসনহে লাভ কৰে। অৰ্থাৎ,  পূৰ্বৰ হিচাপত দুখন আসন হেৰুৱাইছে। কংগ্ৰেছে হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু ৰাজস্থানত ভাল প্ৰদৰ্শন কৰা দেখা গৈছে আৰু দলটোৱে তিনিওখন ৰাজ্যতে পূৰ্বতকৈ এখন আসন বেছি লাভ কৰে। কিন্তু অসম, মেঘালয় আৰু মধ্য প্ৰদেশত কংগ্ৰেছে নিজৰ পূৰ্বৰ আসন হেৰুৱায়।


    বিজেপিয়ে ২৯খন আসনৰ ভিতৰত ৬খন আসন দখল কৰিছিল, যিটো আজিৰ গণনাৰ পিছত ৭খনলৈ বৃদ্ধি পাইছে। বিজেপিয়ে হিমাচল প্ৰদেশত এখন আসন আৰু বংগত দুখন আসন হেৰুৱাছে, কিন্তু অসমত দলটোৱে তিনিখন আসন লাভ কৰিবলৈ সক্ষম হয়। মধ্য প্ৰদেশতো দলটোৱে এখন আসন লাভ কৰে।


    আনহাতে তৃণমূলে পূৰ্বৰ তুলনাত ২খন আসন লাভ কৰিছে। বংগৰ ৪খন আসনতে উপ-নিৰ্বাচনৰ ফলাফল টিএমচিৰ পক্ষত আছে। যোৱা নিৰ্বাচনত বিজেপিয়ে এই চাৰিখন আসনৰ ভিতৰত দুখন আসন জিকিছিল। বিজেপিয়ে ইয়াত দুয়োখন আসন হেৰুৱাইছে।

    Published by:Gautam Barman
    First published: