• Home
  • »
  • News
  • »
  • nation
  • »
  • News18- Byju's Young Genius: ডাইপাৰ পিন্ধি থকা অৱস্থাতেই মঞ্চত নৃত্য পৰিৱেশন কৰিছিল তাই ! আজি জনপ্ৰিয় নৃত্যশিল্পী

News18- Byju's Young Genius: ডাইপাৰ পিন্ধি থকা অৱস্থাতেই মঞ্চত নৃত্য পৰিৱেশন কৰিছিল তাই ! আজি জনপ্ৰিয় নৃত্যশিল্পী

মঞ্চত নৃত্য পৰিৱেশন কৰিবলৈ ভয় নকৰে শ্ৰীনিকাই। মঞ্চক খেলপথাৰৰ সৈতে তুলনা কৰা শ্ৰীনিকাই ২ বছৰ ৯ মাহ বয়সতেই মঞ্চত পৰিৱেশন কৰিছিল নৃত্য।

মঞ্চত নৃত্য পৰিৱেশন কৰিবলৈ ভয় নকৰে শ্ৰীনিকাই। মঞ্চক খেলপথাৰৰ সৈতে তুলনা কৰা শ্ৰীনিকাই ২ বছৰ ৯ মাহ বয়সতেই মঞ্চত পৰিৱেশন কৰিছিল নৃত্য।

মঞ্চত নৃত্য পৰিৱেশন কৰিবলৈ ভয় নকৰে শ্ৰীনিকাই। মঞ্চক খেলপথাৰৰ সৈতে তুলনা কৰা শ্ৰীনিকাই ২ বছৰ ৯ মাহ বয়সতেই মঞ্চত পৰিৱেশন কৰিছিল নৃত্য।

  • Share this:
মঞ্চত শিশুৰ নৃত্য পৰিৱেশনে আপোনাকো হয়তো আপ্লুত কৰে। কণমানিৰ নৃত্যই আপোনাৰো মন-প্ৰাণ পুলকিত কৰি তোলে। কিন্তু আজি জানো আহক এগৰাকী কণমানিৰ অপূৰ্ব নৃত্যশৈলীৰ বিষয়ে। যি নৃত্যই আপোনাকো ভৱাই ইমান কম বয়সতে কেনেদৰে সম্ভৱ এনে নৃত্য প্ৰদৰ্শন কৰাটো ।

যিহেতু এটি কণমানিয়ে ভিন্ন সময়ত নিজৰ মন পচন্দৰ গীতত নৃত্য কৰি মোহিত কৰে সকলোকে। ঠিক তেনে সময়তে শাস্ত্ৰীয় নৃত্যত পাৰ্গত হোৱাটো সম্ভৱ নহয় সকলো শিশুৰ বাবে। দৰাচলতে শাস্ত্ৰীয় নৃত্যৰ এটা এটা বিষয় আৰু মুদ্ৰা উপস্থাপন কৰাটো ডাঙৰৰ বাবেই কঠিন। তেনেস্থলত কণমানি শিশুৰ বাবে এই নৃত্যশৈলী আহৰণ কৰাটো তেনেই কঠিন।

কিন্ত ১০ বছৰীয়া শ্ৰীনিকাৰ বাবে এয়া কিন্তু অসম্ভৱ নাছিল। এই কঠিন নৃত্যশৈলীকে আয়ত্ব কৰি সকলো সম্ভৱ কৰি তুলিছে শ্ৰীনিকাই। যি এগৰাকী ওড়িশী নৃত্যশিল্পী আৰু এই শ্ৰীনিকাৰে অনুৰাগীৰ তালিকাত আছে অভিনেতা ৰাজকুমাৰ ৰাও আৰু
মল্লিকা সাৰাভাইয়ো।

নিউজ১৮ৰ এক সাক্ষাত্কাৰত শ্ৰীনিকাই প্ৰকাশ কৰে যে, তেওঁ ২ বছৰ ৯ মাহ বয়সতেই প্ৰথমবাৰ নৃত্য প্ৰদৰ্শন কৰিছিল। শ্ৰীনিকাই কয়, যে প্ৰথম প্ৰদৰ্শনৰ সময়ত সময়ত তাই ডাইপাৰ পিন্ধি আছিল। লগতে কণমানি নিকাই উল্লেখ কৰে মঞ্চত নৃত্য পৰিৱেশৱ কৰিবলৈ তাই ভয় নকৰে, মঞ্চত তাই খেলপথাৰৰ অনভৱ কৰে।

শ্ৰীনিকাৰ নৃত্য সন্দৰ্ভত জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাৱে কয়, যেতিয়া শ্ৰীনিকাই ওড়িশী নৃত্যৰ বাবে পোছাক পিন্ধে তেতিয়া তাই এজনী সম্পূৰ্ণ বেলেগ ছোৱালী হৈ পৰে। ইপিনে মল্লিকা সৰাভাইয়ে শ্ৰীনিকাক লৈ কয়, " মই বিচাৰো শ্ৰীনিকাক দেখি যাতে আৰু এক লাখ শ্ৰীনিকাৰ জন্ম হয় "।

উল্লেখ্য যে, এই বাইজুচ যুৱ প্রতিভা হৈছে নেটৱৰ্ক ১৮ ৰ নতুন উদ্যোগ, যিয়ে দেশৰ প্ৰতিভাসম্পন্ন শিশুসকলক দৰ্শকৰ ওচৰত পৰিচয় কৰা দিয়ে । এই অনুষ্ঠানৰ ৩০ জানুৱাৰীত সম্প্ৰচাৰিত খণ্ডটোত দৰ্শকসকলে ৫ম শ্ৰেণীত অধ্যয়ন কৰি থকা কোডিং মাষ্টাৰ অনুব্ৰত সৰকাৰৰ সৈতে পৰিচয় হৈছিল । ইয়াৰ পূৰ্বে, ২৩ জানুৱাৰীত সম্প্ৰচাৰিত হোৱা খণ্ডটোত, দৰ্শকসকলে কণমানি পেলেন্টলজিষ্ট আশিতা বিজু আৰু খেলুৱৈ পূজা বিষ্ণোইক দেখুওৱা হৈছিল | ইপিনে প্ৰথম খণ্ডটোত পিয়ানো মাষ্টাৰ লিডিয়ান নাদশ্বৰাম আৰু মানৱ এটলাচৰে জনাজাত মেঘালী মালাবিকাক দেখুওৱা হৈছিল।
First published: