মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ছীজন 2-ৰ পঞ্জীয়নৰ সময়ত BYJU’S Young Genius-এ লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি

ছীজন 2-ৰ পঞ্জীয়নৰ সময়ত BYJU’S Young Genius-এ লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি

News18 Assam | News18-Assam
Updated:September 15, 2021, 8:50 PM IST
ছীজন 2-ৰ পঞ্জীয়নৰ সময়ত BYJU’S Young Genius-এ লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি
BYJU’S Young Genius-ৰ যোগেদি ভাৰতৰ সৰ্ববৃহৎ খবৰৰ নেটৱৰ্ক News 18-এ ঠিক এইখিনিয়েই অৰ্জন কৰিছে। এই অনুষ্ঠানটোত News18-ৰ সম্পাদক আৰু অন্য বিশিষ্ট ব্যক্তিৰ এটা পেনেলৰ দ্বাৰা বাছনি কৰা প্ৰতিভাশালী বিস্ময়কৰ দক্ষতা প্ৰদৰ্শন কৰা শিশুসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

BYJU’S Young Genius-ৰ যোগেদি ভাৰতৰ সৰ্ববৃহৎ খবৰৰ নেটৱৰ্ক News 18-এ ঠিক এইখিনিয়েই অৰ্জন কৰিছে। এই অনুষ্ঠানটোত News18-ৰ সম্পাদক আৰু অন্য বিশিষ্ট ব্যক্তিৰ এটা পেনেলৰ দ্বাৰা বাছনি কৰা প্ৰতিভাশালী বিস্ময়কৰ দক্ষতা প্ৰদৰ্শন কৰা শিশুসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

  • News18 Assam
  • Last Updated: September 15, 2021, 8:50 PM IST
  • Share this:
এই কথাত কোনো সন্দেহ নাই যে আজিকালি শ্ব'ষ্টপাৰৰ পৰা প্ৰতিভাধৰ জিনিয়াছলৈ স্পটলাইট স্থানান্তৰিত হৈছে, বিশেষকৈ টকিঅ' অলিম্পিকৰ পৰিপ্ৰেক্ষিতত এই কথা প্ৰযোজ্য়- য’ত আমি নীৰজ চোপ্ৰা আৰু মীৰাবাই চানুৰ দৰে খেলুৱৈৰ নিখুঁত প্ৰতিভা চোৱাৰ সুযোগ লাভ কৰিছিলোঁ। টকিঅ' অলিম্পিকত ক্ৰমান্বয়ে জেভলিন থ্ৰ’ আৰু ভাৰোত্তোলনত স্বৰ্ণ আৰু ৰূপৰ পদক জয় কৰাৰ বিজয়ী ৰাউণ্ডৰ সময়ত খেলুৱৈ দুগৰাকীৰ নীৰৱ দৃঢ়তা আৰু ধৈৰ্যই দেশক দেখুৱালে যে, ডাঙৰ মঞ্চ নোপোৱালৈকে প্ৰতিভা বা জিনিয়াছ লুকাই থাকে।

BYJU’S Young Genius-ৰ যোগেদি ভাৰতৰ সৰ্ববৃহৎ খবৰৰ নেটৱৰ্ক News 18-এ ঠিক এইখিনিয়েই অৰ্জন কৰিছে। এই অনুষ্ঠানটোত News18-ৰ সম্পাদক আৰু অন্য বিশিষ্ট ব্যক্তিৰ এটা পেনেলৰ দ্বাৰা বাছনি কৰা প্ৰতিভাশালী বিস্ময়কৰ দক্ষতা প্ৰদৰ্শন কৰা শিশুসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এতিয়া, পঞ্জীয়নৰ বাবে ইয়ং জিনিয়াছৰ দ্বিতীয়টো সংস্কৰণ মুকলি হোৱাৰ পাছত আবেদনৰ সংখ্যা আৰু মানে আমাক আচৰিত কৰি তুলিছে। কিন্তু সেই বিষয়ে কথা পতাৰ আগতে, BYJU’S Young Genius-ৰ প্ৰথমটো সংস্কৰণত আমি দেখা সৰ্বশ্ৰেষ্ঠখিনি মনত পেলাওঁ আহকচোন।

ছীজন 1-ৰ শ্ৰেষ্ঠতমৰ মাজত নাম ল’ব লাগিব এইকেইগৰাকী শিশুৰ- লিডিয়ান নাধাচাৱাৰাম (15 বছৰ), যি চকুত কাপোৰ বান্ধি প্ৰতি মিনিটত 190 টা বীটৰ গতিত পিয়ানো বজাইছিল, আৰু মেঘালী মালবিকা (14 বছৰ), যি নিজৰ জিনিয়াছ আইকিউৰ বাবে 'গুগল গাৰ্ল অফ ইণ্ডিয়া' হিচাপে জনাজাত। অনুষ্ঠানটোৰ অন্য কিছুমান বিস্ময়কৰ শিশুৰ মাজত আছিল মেনছা সমাজৰ সদস্য, একাধিক এপৰ বিকাশকৰ্তা আৰু এখন কিতাপৰ ৰচক ঋষি শিৱ পি (6 বছৰ), যি হৈছে 180ৰ এক অবিশ্বাস্য আইকিউৰ অধিকাৰী; অৱন্তিকা কাম্বলী (10 বছৰ) হৈছে 6 টা অংকৰ বৰ্গমূলৰ বাবে বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তি আৰু টিলাক কেইচাম (13 বছৰ), যি হৈছে 'বাৰৰ তলেদি সৰ্বাধিক দূৰত্বৰ লিম্বো স্কেটিং' কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা শিশু।

BYJU’S Young Genius-ৰ ছীজন 2-এ আগতকৈ ডাঙৰ আৰু আকৰ্ষণীয় হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। প্ৰবিষ্টিসমূহ মুকলি কৰাৰে পৰা সমগ্ৰ দেশ জুৰি অভিভাৱক আৰু তেওঁলোকৰ শিশুসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। ই কেৱল BYJU’S Young Genius-ৰ জনপ্ৰিয়তাকে সূচিত নকৰে, ই স্পটলাইটৰ বাবে অপেক্ষা কৰি থকা বিস্ময়কৰ শিশুসকলৰ মাজত লুকাই থকা অব্যৱহৃত সম্ভাৱনাৰ বিষয়েও অন্তৰ্দৃষ্টি প্ৰদান কৰে।

প্ৰথম দুসপ্তাহতে 7,500 তকৈও অধিক প্ৰবিষ্টি লাভ কৰি ছীজন 2-এ সমগ্ৰ ভাৰতৰ পৰা প্ৰকৃত ৰত্নসমূহ উলিয়াই অনাৰ প্ৰতিশ্ৰুতি বহন কৰিছে, যিসকলে দৰ্শক আৰু বিচাৰকক তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰে অবাক কৰিব পাৰিব বুলি নিশ্চিত। এই অনুষ্ঠানটোৱে প্ৰচাৰ কৰা বিভিন্ন প্লেটফৰ্মত অনেক সঁহাৰি লাভ কৰিছে, যেনে News18 নেটৱৰ্ক, হিষ্ট্ৰী চেনেল, আৰু ভায়াকম নেটৱৰ্কৰ চেনেলসমূহ। BYJU’S Young Geniusৰ ছীজন 2-ৰ সামাজিক প্ৰসাৰণে ইতিমধ্যে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত 2 নিযুত ইমপ্ৰেশ্যন অতিক্ৰম কৰিছে, আৰু শ্ব'টোৰ মাইক্ৰ'ছাইটলৈ অহা দৈনিক দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতিদিনে প্ৰায় 1 লাখ হয়।

News 18-ৰ জ্যেষ্ঠ সম্পাদক আৰু এংকৰ আনন্দ নৰসিংহনে আঁত ধৰা এই অনুষ্ঠানটো জানুৱাৰী 2022-ত আৰম্ভ হ'ব আৰু ইয়াত য'ত 6 ৰ পৰা 15 বছৰ বয়সৰ বহুতো শিশু-কিশোৰৰ প্ৰতিভা প্ৰদৰ্শন কৰা হ'ব, যেনে প্ৰদৰ্শন কলা, শিক্ষা-সম্পৰ্কীয়, প্ৰযুক্তি, ব্যৱসায়, ক্ৰীড়া আৰু অন্যান্য ক্ষেত্ৰৰ পৰা অহা প্ৰতিভা। প্ৰতিটো খণ্ডই আকৰ্ষণীয় দৰ্শনৰ অভিজ্ঞতা কঢ়িয়াই অনাটো নিশ্চিত, কিয়নো এই কোমল বয়সীয়া প্ৰতিভাৰ সৈতে ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ ব্যক্তিয়েও নিজৰ যাত্ৰাৰ বিষয়ে উৎসাহিত কৰিব আৰু আলোচনা কৰিবলৈ যোগদান কৰিব।

যদি আপুনি আপোনাৰ শিশুটিক এই অনন্য অনুষ্ঠানত অংশগ্ৰহণ কৰোৱাবৰ বাবে আগ্ৰহী, য’ত কোনো বাধা অবিহনে তেওঁলোকে নিজস্বতা প্ৰদৰ্শন কৰিব পাৰে, অনুগ্ৰহ কৰি ইয়ালৈ যাওক আৰু পঞ্জীয়ন প্ৰপত্ৰখন পূৰণ কৰক। এই প্ৰাৰম্ভিক দাখিলকৰণৰ পিছত এক বহু-পৰ্যায়ৰ মূল্যাংকন প্ৰক্ৰিয়াৰ বাবে শিশুটোৰ প্ৰতিটো বিৱৰণ প্ৰাপ্ত কৰাৰ বাবে এক বিতং প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ উপৰিও, আপুনি BYJUৰ এপটো ডাউনল’ড কৰিব পাৰে আৰু BYJU’S Young Genius শাখাত পঞ্জীয়ন কৰিব পাৰে।

এয়া হৈছে শীঘ্ৰেই আহিব ধৰা News18 BYJU’S Young Genius-ৰ জৰিয়তে শিশুসকলক জিলিকিবলৈ দিয়াৰ সময়।
First published: September 15, 2021, 8:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি