News18- Byju's Young Genius: বিজুলীৰ গতিত বাদ্য বজোৱা কোন এইগৰাকী ১৪ বছৰীয়া ষ্টিভেন চেমুৱেল ...

News18 Assam | News18-Assam
Updated:February 17, 2021, 2:21 PM IST
News18- Byju's Young Genius: বিজুলীৰ গতিত বাদ্য বজোৱা কোন এইগৰাকী ১৪ বছৰীয়া ষ্টিভেন চেমুৱেল ...
কণমানি প্ৰতিভাসম্পন্ন ষ্টিভেন চেমুৱেলৰ অনুৰাগীৰ শাৰীত আছে বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰেহমানো।

কণমানি প্ৰতিভাসম্পন্ন ষ্টিভেন চেমুৱেলৰ অনুৰাগীৰ শাৰীত আছে বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰেহমানো।

  • Share this:
এগৰাকী প্ৰতিভাধাৰী শিশু। স্ব-প্ৰতিভাৰে এতিয়া দেশতেই নহয়, উজলিছে বিশ্বৰ বুকুতো । তেওঁ হৈছে বিশ্ব কনিষ্ঠতম ড্ৰাম বাদক ষ্টিভেন চেমুৱেল। বিজুলীৰ গতিত বাদ্য বজাই ১৪ বছৰীয়া ষ্টিভেন চেমুৱেলে মোহাছন্ন কৰি ৰাখিছে তেওঁৰ অনুৰাগীসকলক।
কেৱল ড্ৰামেই নহয়, আন বহু বাদ্য-যন্ত্ৰ যেনে তবলা,মৃদং আদিও বজায় চেমুৱেলে। কিন্তু তেওঁৰ ড্ৰাম বজোৱাৰহে দক্ষতা আছে বুলি উল্লেখ কৰে চেমুৱেলে।  নেটৱৰ্ক ১৮ৰ যুৱ প্ৰতিভা অনুষ্ঠানত এই কথা উল্লেখ কৰে চেমুৱেলে।

কণমানি ষ্টিভেন চেমুৱেল সংগীতৰ বাবে ইমানেই পাগল যে তেওঁ ১২ বছৰ বয়সতেই তেওঁৰ বেণ্ড প্ৰস্তুত কৰিছিল। লণ্ডনৰ ত্ৰিনিটি কলেজৰ পৰা গ্ৰেড-৮ৰ ড্ৰাম পৰীক্ষা সম্পূৰ্ণ কৰা বিশ্বৰ কনিষ্ঠতম ব্যক্তিগৰাকীয়েই হৈছে চেমুৱেল। যাৰ ৰেকৰ্ড স্ক'ৰ হৈছে ৯১/১০০। কেৱল এয়াই নহয়, ১৪ বছৰ বয়সতে ষ্টিভেন এটা ডাঙৰ সংগীত কোম্পানীৰ ব্ৰেণ্ড এম্বাচাডৰো। ড্ৰামৰ প্ৰতি ষ্টিভেনৰ আছে বিশেষ আকৰ্ষণ।

সংগীতৰ প্ৰতিভাৰে সমৃদ্ধ ষ্টিভেনে এই কম বয়সতেই প্ৰসিদ্ধ সংগীতজ্ঞ আৰ ৰহমানকো নিজৰ অনুৰাগীৰ ৰূপত লাভ কৰিছে । মৃদং আৰু তবলাৰ দৰে বহু বাদ্য-যন্ত্ৰও বজাব পাৰে ষ্টিভেনে । কিন্তু এই সকলো বাদ্য-যন্ত্ৰৰ পৰা কেৱল ড্ৰামকেই কিয় বাছনি কৰিছিল বুলি সোধা প্ৰশ্নৰ উত্তৰ দি ষ্টিভেনে কৈছিল, "মই ছন্দ ভাল পাও আৰু প্ৰতিটো হৃদস্পন্দনেই এক ছন্দ," আৰু লগতে কয় যে তেওঁ ড্ৰামৰ পৰা লাভ শক্তি বহুত ভাল পায়।

ষ্টিভেনৰ উপৰিও এই খণ্ডটোত দৰ্শকৰ সন্মুখত কম বয়সীয়া ক'ডিং মাষ্টাৰ অনুব্ৰত সৰকাৰ আছিল । ৱাণ্ডাৰ কিড সৰকাৰ ঘৰ পশ্চিম বংগৰ আলেদাৰপুৰৰ এখন সৰু চহৰত । তেওঁ এই পৰ্যন্ত ৭ টা এপ বিকশিত কৰিছে।  প্লে' ষ্টোৰৰ জনপ্ৰিয় এপ "মিট"ৰ বিকাশও অনুব্ৰত সৰকাৰে কৰিছে । বিশেষজ্ঞৰ সহায় অবিহনেই ক'ডিংৰ দৰে এটা জটিল বস্তু শিকিছে অনুব্ৰতই। সৰকাৰে নিজৰ এই প্ৰতিভা লাইব্ৰেৰী কিতাপ আৰু অনলাইন শ্ৰেণীৰ জৰিয়তে শিকিছিল।
First published: February 17, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি