
বিহাৰৰ দুটা আৰু মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উৰিষ্যাৰ এটাকৈ সমষ্টিত উপ-নিৰ্বাচন
বিহাৰৰ দুটা আৰু মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উৰিষ্যাৰ এটাকৈ সমষ্টিত উপ-নিৰ্বাচন
ভাৰতৰ ছয় ৰাজ্যৰ ৭ টা বিধানসভা সমষ্টিত আজি উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ, তেলেংগানা, উৰিষ্যা আৰু উত্তৰ প্ৰদেশ। জানিব পৰা মতে, বিহাৰৰ দুটা সমষ্টি আৰু বাকী পাচঁখন ৰাজ্যত একোটাকৈ সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। আগন্তুক ৬ নৱেম্বৰত এই ৭টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা হ’ব। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো সমষ্টিতে আঞ্চলিক দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভোটগ্ৰহণৰ পূৰ্বে বিজেপিয়ে বিশেষ সমষ্টি কেইটাত প্ৰচাৰ অভিযানো চলাইছিল।
বিহাৰৰ মোকামা আৰু গোলাপগঞ্জ, মহাৰাষ্ট্ৰৰ অন্ধেৰী (পূব), হাৰিয়ানাৰ আদমপুৰ, তেলাংগানাৰ মুনুগোডে, উত্তৰ প্ৰদেশৰ গোলা গোকৰণনাথ আৰু উৰিষ্যাৰ ধামনগৰত আজি অনুষ্ঠিত উপ-নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেইয়া অহা ৬ নৱেম্বৰৰ ফলাফলে স্পষ্ট কৰিব।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|