• Home
  • »
  • News
  • »
  • nation
  • »
  • উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন, ৮ ডিচেম্বৰত ফলাফল

উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন, ৮ ডিচেম্বৰত ফলাফল

উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন

উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন

শেহতীয়াকৈ গুজৰাটত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যৰ ১৮২ খন বিধানসভাৰ আসনৰ বাবে ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

  • Share this:
ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, উড়িষ্যা আৰু ছত্তীশগড়ৰত লোকসভাৰ এখন আৰু বিধানসভাৰ ৫ খন আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচন আয়োগৰ মতে, এই ৰাজ্যসমূহত ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, আৰু ৮ ডিচেম্বৰত ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলো সেই দিনটোতে ঘোষণা কৰা হ'ব। উত্তৰ প্ৰদেশৰ মইনপুৰী লোকসভা আসন আৰু ৰামপুৰ বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। মুলায়ম সিং যাদৱৰ মৃত্যুৰ পিছত খালী হৈ পৰে মইনপুৰী লোকসভাৰ আসন। তেওঁ ২০১৯ চনত ইয়াৰ পৰাই সাংসদ নিৰ্বাচিত হৈছিল।

একে সময়তে বিদ্বেষমূলক ভাষণৰ গোচৰত মহম্মদ আজম খানৰ তিনি বছৰৰ কাৰাদণ্ডৰ বাবে তেওঁৰ বিধানসভা বাতিলৰ ফলত ৰামপুৰ বিধানসভাৰ আসন খালী হৈ আছে। উড়িষ্যাৰ পাদমপুৰ বিধান সভা সমষ্টি, ৰাজস্থানৰ চৰ্দাৰ চহৰ বিধানসভা আসন, বিহাৰৰ কুৰহানী বিধানসভা আসন আৰু ছত্তীশগড়ৰ ভানুপ্ৰতাপপুৰ বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। এই আসনসমূহৰ উপ-নিৰ্বাচনৰ বাবে ১০ নৱেম্বৰত অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়নৰ অন্তিম তাৰিখ হ’ব ১৭ নৱেম্বৰ। ১৮ নৱেম্বৰত মনোনয়ন পত্ৰৰ নিৰীক্ষণ হ’ব আৰু ২১ নৱেম্বৰলৈকে প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

শেহতীয়াকৈ গুজৰাটত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যৰ ১৮২ খন বিধানসভাৰ আসনৰ বাবে ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ৮৯ খন আৰু দ্বিতীয় পৰ্যায়ত ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। একে সময়তে ১২ নৱেম্বৰত হিমাচল প্ৰদেশৰ ৬৮ খন আসনৰ বাবে একক পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব। অহা ৮ ডিচেম্বৰত একেলগে ঘোষণা কৰা হ’ব দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল। ইয়াৰ উপৰিও ৪ ডিচেম্বৰত দিল্লী পৌৰ নিগমৰ ভোটদান আৰু ৭ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি