মধ্য প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩জনৰ মৃত্যু। আজি পুৱা ইন্দৌৰৰ পৰা পুণেলৈ যোৱা যাত্ৰীবাহী বাছ এখন দলঙৰ ৰেলিং ৱাহি নৰ্মদা নদীত বাগৰি পৰে। এতিয়ালৈ দুৰ্ঘটনাস্থলীৰ পৰা ১৩জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় ১৫জন লোকক।
বৰষুণত তিতি থকা পথত চকা পিছলি বাছখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে। মধ্য প্ৰদেশৰ থৰ জিলাত আগ্ৰা–মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
এই দুৰ্ঘটনাৰ পিছতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি জনায়, ‘জিলা প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। বাছখন নদীৰ পৰা তোলা হৈছে। ঘাড়গোন, থৰ জিলা প্রশাসনৰ সৈতে আমি নিৰন্তৰ যোগাযোগ ৰাখিছো। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’
এনডিটিভিত প্ৰকাশিত খবৰ অনুসৰি, বাছখনত আছিল ৪০জন যাত্ৰী। ফলত হতাহতৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|