ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ২০ জন

News18 Assam | News18-Assam
Updated:January 11, 2020, 10:24 AM IST
ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ২০ জন
এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়।

এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়।

  • Share this:
উত্তৰ প্ৰদেশৰ কন্নৌজত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। জিটি ৰোড ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাবল ডেকৰ বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে বাছখন। বাছখনত থকা ২০জন যাত্ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়। জানিব পৰা মতে, বাছখনত আছিল ৪০জনতকৈও অধিক যাত্ৰী। আহতসকলক ভৰ্তি কৰোৱা হৈছে। বাছখন উত্তৰ প্ৰদেশৰ ফৰৰুখাবাদৰ পৰা জয়পুৰলৈ গৈ আছিল। আহত ২১জনৰ ভিতৰত ১৩জনক তিৰ্ৱা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি