দুৰ্ঘটনাৰ সময়ত বাছখনৰ অধিকাংশ যাত্ৰী শুই আছিল।
তামিলনাডুৰ অৱিনাশীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২০জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে ২৪জনকৈ লোক। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত কেইবাজনৰো অৱস্থা সংকটজনক।
বেংগালুৰুৰ পৰা কোচীলৈ গৈ থকাৰ সময়তে KSRTCৰ বাছখনে তামিলনাডুৰ অৱিনাশীত এখন ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ট্ৰাকৰ তলত সোমাই পৰে। দুৰ্ঘটনাৰ সময়ত বাছখনৰ অধিকাংশ যাত্ৰী শুই আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|