নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল তীৰ্থযাত্ৰী কঢ়িওৱা বাছ, এজনৰ মৃত্যু, আহত ২০

আহত আটাইকে ভৰ্তি কৰোৱা হয় হাস্পতালত। দুৰ্ঘটনাত পতিত বাছখনত আছিল ৫৫জন যাত্ৰী।

News18-Assam
Updated:October 27, 2019, 11:11 AM IST
নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল তীৰ্থযাত্ৰী কঢ়িওৱা বাছ, এজনৰ মৃত্যু, আহত ২০
আহত আটাইকে ভৰ্তি কৰোৱা হয় হাস্পতালত। দুৰ্ঘটনাত পতিত বাছখনত আছিল ৫৫জন যাত্ৰী।
News18-Assam
Updated: October 27, 2019, 11:11 AM IST
উত্তৰ প্ৰদেশৰ বান্দাত পুৱতিনিশা ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল এখন তীৰ্থযাত্ৰী কঢ়িওৱা বাছ। এই দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় ২০জন যাত্ৰী। আহত আটাইকে ভৰ্তি কৰোৱা হয় হাস্পতালত। দুৰ্ঘটনাত পতিত বাছখনত আছিল ৫৫জন যাত্ৰী।

কাণপুৰৰ গজনেৰ দেহাতৰ পৰা চিত্ৰকূট অমাৱশ্যা মেলালৈ গৈ আছিল বাছখন। অত্যধিক বেগত যোৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitteত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি