বিশ্বজুৰি মহাব্যাধি কোৰোণাৰ মহাসংক্ৰমণ অব্যাহত আছে ৷ আজিৰ তাৰিখত সমগ্ৰ বিশ্বত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ চীনৰ পৰা মহাসংক্ৰমণ আৰম্ভ হোৱা এই ক'ৰোণাৰ বিশ্বব্যাপী আগ্ৰাসনৰ পৰা সাৰি যোৱা নাই বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা ৷
এনে সময়ত ম্যানমাৰত চলিছে ব্যাপক হাৰত সেনাৰ অভিযান ৷ বিদ্ৰোহী বিৰোধী অভিযান পূৰ্বৰ তুলনাত কোৰোণাৰ মহাসংক্ৰমণৰ সময়ত অধিক তীব্ৰতৰ কৰি তুলিছে ‘টাটমাদাউ’ খ্যাত বাৰ্মিজ সেনাই ৷ ২৫ মাৰ্চৰ পৰা পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-I, য়ুং আং নেতৃত্বাধীন NSCN-Kৰ বিৰুদ্ধে চৰ্তুথলানি অভিযান আৰম্ভ কৰিছিল বাৰ্মিজ সেনাই ৷
বাৰ্মিজ সেনাৰ নৰ্ডাণ কামাণ্ডে চলোৱা অভিযানত পৰোক্ষভাৱে সহায় কৰিছিল ভাৰতীয় সেনাই ৷ আন্তৰাষ্ট্ৰীয় সীমান্তত পহৰা আৰু অভিযান তীব্ৰতৰ কৰি তুলিছিল ভাৰতীয় সেনাই ৷ ইয়াৰ বিপৰীতে বাৰ্মিজ সেনাই ULFA-I, NSCN-K আদিক অস্থায়ীভাৱে স্থাপন কৰা শিৱিৰৰ পৰা খেদি আনিছিল ভাৰতীয় সীমান্তলৈ ৷ কিন্তু ইষ্ট্ৰাৰ্ণ নাগালেণ্ডৰ গভীৰ জংঘলত বাৰ্মিজ সেনাই তলকিব নোৱাৰিলে ৷ ULFA-I, NSCN-K য়ে জংঘলত হেৰাই গ'ল ৷ শেষত অভিযান ৩১ মাৰ্চত সামৰিবলগীয়া হ'ল ৷

কিন্ত আৰাকান আৰ্মীৰ বিৰুদ্ধে বাৰ্মিজ সেনাই এৰি দিয়া নাই অভিযান ৷ পাঁচ ফেব্ৰুৱাৰীৰ পৰা আৰাকান আৰ্মীৰ বিৰুদ্ধে চীন প্ৰদেশ, ৱা প্ৰদেশ, ৰাক্ষিণ প্ৰদেশত চলাই আছে বাৰ্মিজ সেনাই অভিযান ৷ কোৰোণা মহামাৰীৰ বিশ্বব্যাপী মহাসংক্ৰমণৰ সময়ত বাৰ্মিজ সেনাই চলোৱা এই অভিযানত অধিক ক্ষতিগ্ৰস্ত হৈছে পাহাৰীয়া ৰাইজ ৷
এটা সপ্তাহত বাৰ্মিজ সেনাৰ আক্ৰমণত নিহত হৈছে মুঠ ২১জনৰ ৷ আহত হৈছে শতাধিক ৷ সেনাই আকাশমাৰ্গৰ পৰা চলোৱা গুলী আৰু মৰ্টাৰত জ্বলি নিঃশেষ হৈছে এটাৰ পিছত এটাকৈ গাঁওবাসীৰ ঘৰ ৷ ঘৰ এৰি প্ৰাণৰ মমতাত জংঘললৈ পলাইছে গঞা ৷ কোনোৱাই পলাইছে নদী পথেৰে ৷
পশ্চিম ম্যানমাৰৰ চীন প্ৰদেশৰ পালেটাঅ' চহৰৰ সমীপৰ চাৰিখন গাঁও ইতিমধ্যে জ্বলি চাৰখাৰ হৈছে ৷ সোমবাৰ পৰ্যন্ত দহখন গাঁৱৰ দুইসহস্ৰাধিক ৰাইজে গাঁও এৰি পলায়ন কৰিছে।
পালেটাঅ' চহৰৰ পূবে অৱস্থিত ছামী চহৰলৈ নদী পথেৰে পলাইছে গাঁওবাসী ৷ বাৰ্মিজ সেনাৰ আক্ৰমণত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও চিকিৎসালয়ত নাই পৰ্যাপ্ত সা-সুবিধা ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 10, 2020, 15:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।