বিমানত যাত্ৰা কৰাসকলৰ বাবে ডাঙৰ খবৰ! এতিয়া ৪ ঘণ্টা পূৰ্বেই পাব লাগিব বিমানবন্দৰ

নতুন নিয়ম ১০ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বাহাল থাকিব।

News18-Assam
Updated:August 8, 2019, 12:40 PM IST
বিমানত যাত্ৰা কৰাসকলৰ বাবে ডাঙৰ খবৰ! এতিয়া ৪ ঘণ্টা পূৰ্বেই পাব লাগিব বিমানবন্দৰ
নতুন নিয়ম ১০ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বাহাল থাকিব।
News18-Assam
Updated: August 8, 2019, 12:40 PM IST
যদি আপুনি প্ৰায়ে বিমানেৰে যাত্ৰা কৰে তেন্তে আপোনাৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ। আচলতে জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত আতংকিত হৈ পৰিছে পাকিস্তান। সেয়েহে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে।

দেশৰ সকলো বিমানবন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। BCAS–এ নিজৰ বিবৃতিত সকলো এয়াৰলাইন্ছ আৰু বিমানবন্দৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে যে এতিয়া ঘৰুৱা বিমানৰ যাত্ৰীসকলে ৩ ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ’ব লাগিব। আনহাতে, আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাত্ৰীসকলে ৪ ঘণ্টা পূৰ্বে পাব লাগিব বিমানবন্দৰ।

BSAS–এ বিমানবন্দৰ কৰ্তৃপক্ষসমূহক বিমানবন্দৰৰ ওপৰত ড্ৰ’ন, মডেল আৰু মাইক্ৰ’লাইট এয়াৰক্ৰাফ্টৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ দিছে। সকলো বিমানবন্দৰত কুইক ৰিয়েকচন টীম নিয়োগ কৰাৰো নিৰ্দেশ দিছে বিমানবন্দৰসমূহক।

অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যূৰ’–এ কয় যে স্বাধীনতা দিৱসৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে। নতুন নিয়ম ১০ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বাহাল থাকিব। ৩০ আগষ্টলৈ বিমানবন্দৰত নাপাব ভিজিটৰ্ছ পাছ।
আৰু চাওক পৰৱৰ্তী বাতৰি