Fire in Pune: পুনেৰ কেমিকেল প্লাণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু, ৫জন আবদ্ধ

News18 Assam | News18-Assam
Updated:June 7, 2021, 9:01 PM IST
Fire in Pune: পুনেৰ কেমিকেল প্লাণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু, ৫জন আবদ্ধ
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনায় যে এই অগ্নিকাণ্ডৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনায় যে এই অগ্নিকাণ্ডৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে।

  • Share this:
পুনেৰ এটা কেমিকেল প্লাণ্টত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত এতিয়ালৈ ১২জন লোকৰ মৃত্যু হৈছে। আনহাতে ৫জন লোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। বৰ্তমান জুই নিৰ্বাপিত হৈছে যদিও কুলিঙৰ কাম অ‍ব্যাহত আছে।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনায় যে এই অগ্নিকাণ্ডৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে। বিষয়াজনে জনোৱা মতে, এই প্লাণ্টটোত বৰ্তমান ছেনিটাইজাৰ বনোৱাৰ কাম কৰা হৈছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ১২জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 9:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি