কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ (কেন্দ্ৰীয় বাজেট ২০২৩) বাজেট সংসদত উপস্থাপন কৰিছে। তেওঁ বাজেট ভাষণৰ সময়ত কয় যে ভাৰতীয় অৰ্থনীতি সঠিক পথত আছে, এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছে। কোভিড মহামাৰীৰ সময়ত, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে। তেওঁ নিজ ভাষণত কৈছে যে, ভাৰতীয় অৰ্থব্যৱস্থা সঠিক পথত আছে, আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি আছে। লগতে কয় যে, তেওঁলোকে কৰোনা মহামাৰীৰ সময়ত ২৮ মাহৰ বাবে ৮০ কোটিৰো অধিক লোকক বিনামূলীয়া খাদ্যশস্য যোগান ধৰাৰ পৰিকল্পনাৰ সৈতে যাতে কোনেও ভোকত শুব লগা নহয় সেয়া নিশ্চিত কৰিছিল।
ইয়াৰোপৰি, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ এই সময়ত ভাৰতৰ G20 প্ৰেচিডেন্সিয়ে দেশক বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। ২০১৪ চনৰ পৰা চৰকাৰৰ প্ৰচেষ্টাই সকলো নাগৰিকৰ বাবে উন্নত মানদণ্ডৰ আৰু মৰ্যাদাৰ জীৱন নিশ্চিত কৰিছে। প্ৰতিজন ব্যক্তিৰ উপাৰ্জন দুগুণতকৈও অধিক হৈ ১.৯৭ লাখ টকালৈ বৃদ্ধি পাইছে। এই ৯ বছৰত, ভাৰতীয় অৰ্থনীতিৰ আকাৰ বিশ্বৰ দশমৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ বৃদ্ধি হৈছে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে পশুপালন, দুগ্ধ জাত আৰু মীন পালনৰ ওপৰত গুৰুত্ব দি কৃষি ঋণৰ লক্ষ্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। ভাৰতীয় বাজৰা গৱেষণা প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে সমৰ্থন কৰা হ’ব। বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে ২০১৪ চনৰ পিছত স্থাপিত বৰ্তমানৰ ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ১৫৭ খন নতুন নাৰ্চিং মহাবিদ্যালয় স্থাপন কৰা হ’ব। বিশেষকৈ, জনজাতীয় গোটবোৰৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ বাবে পিএমপিবিটিজি উন্নয়ন মিছন আৰম্ভ কৰা হ’ব যাতে পিবিটিজি বসতিসমূহ মৌলিক সুবিধাৰে সজ্জিত কৰিব পৰা যায়।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ বাজেটৰ ৭টা মুখ্য অগ্ৰাধিকাৰ তালিকাভুক্ত কৰিছে। এই তালিকাত আছে– সামগ্ৰিক বিকাশ, শেষ বিন্দুত উপনীত হোৱা, আন্তঃগাঁথনি আৰু বিনিয়োগ, সম্ভাৱনাৰ বিকাশ, সেউজ উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু বিত্তীয় খণ্ড। তেওঁ কয় যে, বিশ্বই ভাৰতক এক উজ্জ্বল তাৰকা হিচাপে স্বীকৃতি দিছে। চলিত বিত্তীয় বৰ্ষৰ বাবে দেশৰ অৰ্থনৈতিক বিকাশ ৭.০% হ’ব বুলি অনুমান কৰা হৈছে, যি মহামাৰী আৰু যুদ্ধৰ ফলত হোৱা ব্যাপক বিশ্বব্যাপী মন্দাৱস্থাৰ স্বত্বেও সকলো মুখ্য অৰ্থনীতিৰ ভিতৰত সৰ্বাধিক। ২০২৩-২৪ বৰ্ষৰ বাজেট উপস্থাপনৰ সময়ত নিৰ্মলা সীতাৰমণে কয় যে, ‘‘পৰ্যটন বৃদ্ধিৰ বাবে মিছন মোডত কাম কৰা হ’ব।’’ তেওঁ কয় যে, ‘‘অমৃত কালৰ প্ৰতি আমাৰ পৰিকল্পনাৰ ভিতৰত আছে প্ৰযুক্তি-চালিত আৰু জ্ঞান-চালিত শক্তিশালী ৰাজহুৱা বিত্ত আৰু এক শক্তিশালী বিত্তীয় অৰ্থনীতি।’’ এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ ‘সবকা সাথ, সবকা প্ৰয়াস’ৰ জৰিয়তে 'জনসাধাৰণৰ অংশগ্ৰহণ' প্ৰয়োজনীয় বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে আজি সংসদত বাজেট ভাষণৰ সময়ত উল্লেখ কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 01, 2023, 12:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|