কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছে। বুধবাৰে বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে এই বাজেট সাধাৰণ জনতাৰ আশাৰ সৈতে মিলিব। লগতে ভাৰতৰ অৰ্থনীতি সঠিক পথত আছে বুলিও উল্লেখ কৰে।
সংবাদ সংশ্থা এএনআইৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত বিত্ত মন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, ‘‘মোদী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ই সমাজৰ সকলো শ্ৰেণীৰ কথা মনত ৰাখি বাজেট আনিছে।’’
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি পুৱা ১১ বজাত লোকসভাত ২০২৩ চনৰ বাজেট উত্থাপন কৰিছে।
এইবাৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে কৰ স্লেব বা সকাহ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয়, ‘‘নিশ্চিতভাৱে এই বাজেটে সকলোৰে আশা পূৰণ কৰিব।’’
বাজেট অধিৱেশনৰ উদ্বোধনী দিনা সংসদত উত্থাপন কৰা ২০২২-২৩ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰী চৌধুৰীয়ে কয় যে ভাৰতৰ অৰ্থনীতি সঠিক পথত আছে।
ইয়াৰ পূৰ্বে, এএনআইক দিয়া এক সাক্ষাৎকাৰত পংকজ চৌধুৰীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেট উপস্থাপন কৰা হ’ব নে নাই সেই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিছিল। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে মঙলবাৰে এএনআইক কয় যে ‘‘নিৰ্বাচন আহি আছে,’’ ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে জনসাধাৰণৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 01, 2023, 17:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।