মুখ্যপৃষ্ঠা »খবৰ »দেশ »GOBARdhan Yojna: গোবৰ্ধন আঁচনি কি, কেনেকৈ গোবৰ উপাৰ্জনৰ উৎস হৈ পৰিব, ইয়াকে লৈ বাজেটত কি ঘোষণা কৰা হৈছে?

GOBARdhan Yojna: গোবৰ্ধন আঁচনি কি, কেনেকৈ গোবৰ উপাৰ্জনৰ উৎস হৈ পৰিব, ইয়াকে লৈ বাজেটত কি ঘোষণা কৰা হৈছে?

বুধবাৰে নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত কয় যে আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত বিশ্বই ভাৰতীয় অৰ্থনীতিক এক উজ্জ্বল নক্ষত্ৰ হিচাপে স্বীকৃতি দিছে।

বুধবাৰে নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত কয় যে আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত বিশ্বই ভাৰতীয় অৰ্থনীতিক এক উজ্জ্বল নক্ষত্ৰ হিচাপে স্বীকৃতি দিছে।

বুধবাৰে নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত কয় যে আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত বিশ্বই ভাৰতীয় অৰ্থনীতিক এক উজ্জ্বল নক্ষত্ৰ হিচাপে স্বীকৃতি দিছে।

  • Share this:

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে বাজেট দাখিল কৰি ভাষণত কয় যে সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ সৈতে এক অৰ্থনীতি গঢ় দিয়াৰ বাবে গোবৰ্ধন (Galvanizing Organic Bio-Agro Resources Dhan বা GOBAR-DHAN) আঁচনিৰ অধীনত ৫০০ টা নতুন ''আৱৰ্জনাৰ পৰা সম্পদ'' (Waste to Wealth) প্ৰকল্প স্থাপন কৰা হ'ব।


এই আঁচনিৰ অধীনত ৫০০টা নতুন ‘ৱেষ্ট টু ৱেলথ’ উৎপাদন প্লাণ্ট স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত নগৰ অঞ্চলৰ ৭৫টা উদ্যোগকে ধৰি ২০০টা কম্প্ৰেছড বায়’গেছ (চিবিজি) উদ্যোগ আৰু ৩০০টা কমিউনিটি বা ক্লাষ্টাৰ ভিত্তিক উদ্যোগ, মুঠ বিনিয়োগ হ'ব ১০ হাজাৰ কোটি টকা।


২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰি তেওঁ লগতে কয় যে চৰকাৰে ১ কোটি কৃষকক প্ৰাকৃতিক কৃষি গ্ৰহণৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ লগতে চৰকাৰে জলাশয়ৰ মহত্তম উপযোগিতা বৃদ্ধি কৰাৰ বাবে এখন আঁচনিৰ জৰিয়তে গুৰুত্ব দিব।


ইয়াৰ উপৰি, কোম্পানীবোৰৰ দ্বাৰা পৰিৱেশগতভাৱে বহনক্ষম আৰু দায়িত্বশীল পদক্ষেপবোৰক উৎসাহিত কৰাৰ বাবে এক সেউজ ঋণ কাৰ্যসূচী ৰখা হ'ব। ইণ্ডিয়ান বায়োগেছ এছ'চিয়েচনৰ সভাপতি গৌৰৱ কেডিয়াই কয় যে কাৰ্বনৰ তীব্ৰতা হ্ৰাস কৰিবলৈ আৰু নতুন সেউজ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ বাবে সেউজ ইন্ধন, শক্তি আৰু নিৰ্মাণ পদ্ধতি গ্ৰহণৰ বাবে বাজেটত অগ্ৰাধিকাৰ দিয়া হৈছে।


তাৎপৰ্যপূৰ্ণভাৱে মোদী চৰকাৰে আৰম্ভ কৰা গোবৰ্ধন যোজনাৰ উদ্দেশ্য হৈছে গ্ৰাম্য স্বচ্ছতাত ইতিবাচক প্ৰভাৱ পেলোৱা আৰু গৰু-ম’হ আৰু জৈৱিক আৱৰ্জনাসমূহৰ পৰা ধন-সম্পত্তি আৰু শক্তি উৎপন্ন কৰা। এই আঁচনিৰ উদ্দেশ্য হৈছে গ্ৰাম্য জীৱিকাৰ বাবে নতুন সুযোগ সৃষ্টি কৰা আৰু কৃষক আৰু অন্যান্য গ্ৰাম্য লোকৰ আয় বৃদ্ধি কৰা।


ইয়াৰ পূৰ্বে বুধবাৰে নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত কয় যে আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত বিশ্বই ভাৰতীয় অৰ্থনীতিক এক উজ্জ্বল নক্ষত্ৰ হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি সঠিক পথত আগবাঢ়িছে আৰু এই প্ৰত্যাহ্বানৰ সময়তো উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ চনৰ সাধাৰণ বাজেটৰ সাতটা অগ্ৰাধিকাৰৰ তালিকা প্ৰস্তুত কৰে। ইয়াৰ ভিতৰত আন্তঃগাঁথনি, সেউজ উন্নয়ন, বিত্তীয় খণ্ড আৰু যুৱ শক্তি অন্তৰ্ভুক্ত আছে।


বাজেটৰ আন অগ্ৰাধিকাৰসমূহ হ’ল সৰ্বাংগীন বৃদ্ধি, শেষ মানুহজনৰ ওচৰলৈ যোৱা আৰু নিজৰ সম্ভাৱনা বিকাশ কৰা। তেওঁ কয় যে অমৃত কালত চাৰিটা পৰিৱৰ্তনশীল সুযোগ ব্যৱহাৰ কৰি অৰ্থনৈতিক সবলীকৰণ বৃদ্ধি কৰিব পৰা যাব।

শেহতীয়া বাতৰি