সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট (Budget 2023)। বাজেট ভাষণত সীতাৰমনে কয়, জনমূৰি আয় ১.৯৭ লাখ টকালৈ বৃদ্ধি হৈছে। দেশত বিনিয়োগৰ বাবে ভাল পৰিৱেশ আহিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল বিকাশ আঁচনি ঘোষণা বিত্তমন্ত্ৰীৰ। শিল্পী আৰু যুৱ সমাজৰ দক্ষতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বাজেটত।
সীতাৰমনে কয়, ৭টা নীতিৰ ওপৰত যুগুতোৱা হৈছে বাজেট। সপ্তনীতিয়ে ‘গাইড’ কৰিছে এই বাজেটক। সেই সাতটা নীতি হৈছে –
অগ্ৰাধিকাৰ ১ – সামগ্ৰিক উন্নয়ন
অগ্ৰাধিকাৰ ২ – শেষ বিন্দুত উপনীত হোৱা
অগ্ৰাধিকাৰ ৩ – আন্তঃগাঁথনি আৰু বিনিয়োগ
অগ্ৰাধিকাৰ ৪ – সম্ভাৱনাৰ বিকাশ কৰা
অগ্ৰাধিকাৰ ৫ – সেউজ উন্নয়ন
অগ্ৰাধিকাৰ ৬ – যুৱ শক্তিৰ বিকাশ
অগ্ৰাধিকাৰ ৭ – বিত্তীয় খণ্ডৰ
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 01, 2023, 17:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|