ডিজিটেল লেনদেনত অভিলেখ গঢ়িছে ভাৰতে। বাজেট ভাষণত এই মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন (Budget 2023)। ২০২৩–২৪ বৰ্ষৰ বাজেট পাঠ কৰি নিৰ্মলা সীতাৰমনে কয়, চাকৰি সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। জম্মু–কাশ্মীৰৰ আৰু উত্তৰ–পূবত বহনক্ষম উন্নয়নত গুৰুত্ব প্ৰদান কৰা হৈছে।
আত্মনিৰ্ভৰ ক্লীন কাৰ্যসূচী আৰম্ভ হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ২০১৪ চনৰ পিছত প্ৰতিজন ব্যক্তিৰ আয় দুগুণ হৈছে। দেশত ১৫৭খন নতুন নাৰ্ছিং কলেজ স্থাপন কৰা হ’ব বুলিও ভাষণত উল্লেখ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ (Nirmala Sitharaman)।
আনহাতে, কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰা হৈছে বুলিও কয় নিৰ্মলা সীতাৰমনে। শিশু–কিশোৰৰ বাবে নেচনেল ডিজিটেল লাইবেৰীৰ প্ৰস্তাৱ। ৰে’লখণ্ডলৈ আগবঢ়োৱা হ’ব ২.৪ লাখ কোটি টকা। নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব বুলিও উল্লেখ কৰে সীতাৰমনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 01, 2023, 17:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|