কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয়, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত।
বাজেটত ৰে’ল খণ্ডলৈ ২.৪০ লাখ কোটি টকাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰীৰ। ৰে’লৰ বাবে সৰ্বকালৰ সৰ্ববৃহৎ বাজেট। কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বাবে চেণ্টাৰ ফৰ এক্সিলেঞ্চৰ প্ৰস্তাৱ বাজেটত। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰ স্থাপন কৰা হ’ব।
ডিজিটেল ইণ্ডিয়া অনুসৰি KYCৰ উন্নীতকৰণ হ’ব। সকলো ডিজিটেল কামত PAN হ’ব পৰিচয় পত্ৰ। KYC ব্যৱস্থা সৰলীকৰণ কৰা হ’ব। MSMEৰ সকলো বিবাদ মীমাংসা কৰা হ’ব বুলিও ভাষণত উল্লেখ বিত্তমন্ত্ৰীৰ।
যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব এই বাজেটত। 5G এপৰ বাবে ১০০টা লেবৰ প্ৰস্তাৱ। ডিজি লকাৰৰ তথ্যও হ’ব পৰিচয় পত্ৰ। ই-ক’ৰ্টৰ বাবে ৭,০০০ কোটি টকা ধাৰ্য। ২০৭০ৰ ভিতৰত ০ কাৰ্বন নীতিৰ লক্ষ্য চৰকাৰৰ।
আনহাতে, গ্ৰীণ গ্ৰোথৰ বাবে ১৯,৭০০ কোটিৰ প্ৰস্তাৱ বাজেটত। ০ কাৰ্বন নীতিৰ বাবে ৩৫ হাজাৰ কোটি টকা। ধৰিত্ৰী আইৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচী। বায়’ গেছ উৎপাদন আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হৈছে এই বাজেটত। লাডাখত নবীকৰণযোগ্য শক্তিৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ২০,৭০০ কোটি টকাৰ প্ৰস্তাৱ বাজেটত।
তাৰোপৰি বিকল্প সাৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বাজেটত। জৈৱ বৈচিত্ৰৰ বাবে অমৃত আঁচনি। প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহন ত্যাগৰ নীতি লোৱা হৈছে। ৩০টা স্কীল ইণ্ডিয়া কেন্দ্ৰ গঠন হ’ব বুলিও ভাষণত উল্লেখ বিত্তমন্ত্ৰীৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 01, 2023, 17:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|