আয়কৰ ৰেহাইক লৈ বাজেটত ডাঙৰ ঘোষণা। আয় কৰ ৰেহাইৰ সীমা ৫ লাখৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি। ৩ লাখ টকালৈ আয়কৰ ৰেহাই। অৰ্থাৎ বছৰি ৩ লাখ টকা উপাৰ্জন কৰা লোকসকলে দিব নালাগে কোনো আয়কৰ।
আয়কৰৰ বাবে ৬টা শ্লেব নিৰ্ধাৰণ কৰা হৈছে বাজেটত। আঢ়ৈ লাখৰ পৰা ৩ লাখলৈ আয়কৰ ৰেহাই দিয়া হৈছে। ৩ৰ পৰা ৬ লাখ টকালৈ আয়কৰ হ’ব ৫ শতাংশ। ৬ লাখৰ পৰা ৯ লাখলৈ আয়কৰ হ’ব ১০ শতাংশ। ৯ লাখৰ পৰা ১২ লাখ টকালৈ আয়কৰ হ’ব ১৫ শতাংশ। ১২ৰ পৰা ১৫ লাখ টকালৈ আয়কৰ হ’ব ২০ শতাংশ আৰু ১৫ লাখৰ ওপৰত আয়কৰ হ’ব ৩০ শতাংশ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 01, 2023, 18:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|