এইবাৰ বাজেটে কেন্দ্ৰীয় তথা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ কঢ়িয়াইছে। বিত্তমন্ত্ৰীয়ে এনপিএছ সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে। এতিয়া এনপিএছলৈ নিয়োগকৰ্তাৰ অৱদান বৃদ্ধি কৰা হৈছে। এতিয়া ১০ শতাংশৰ পৰিৱৰ্তে, আপোনাৰ নিয়োগকৰ্তাই ১০ শতাংশ অৰিহনা আগবঢ়াব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে বাজেটত এই কথা ঘোষণা কৰিছিল।
ইফালে আয়কৰ পৰিশোধৰ ক্ষেত্ৰত এইবাৰ কোনোধৰণৰ নিয়মৰ পৰিৱৰ্তন কৰা নাই কেন্দ্ৰীয় চৰকাৰে। ২০২২-২৩ বৰ্ষৰ বাজেটত আয়কৰ পৰিশোধকলৈ কোনো ধৰণৰ সালসলনি নকৰিলে কেন্দ্ৰীয় চৰকাৰে। কিন্তু কৰ্পৰেট টেক্স ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ১৫ শতাংশ কৰা হৈছে।