Budget 2021 : কোভিড যুদ্ধৰ পৰা শিক্ষা, স্বাস্থ্য খণ্ডত মুঠ ২ লাখ ৮৩ হাজাৰ কোটি টকা আবণ্টন, জনালে নিৰ্মলা সীতাৰমনে

News18 Assam | News18-Assam
Updated:February 1, 2021, 12:37 PM IST
Budget 2021 : কোভিড যুদ্ধৰ পৰা শিক্ষা, স্বাস্থ্য খণ্ডত মুঠ ২ লাখ ৮৩ হাজাৰ কোটি টকা আবণ্টন, জনালে নিৰ্মলা সীতাৰমনে
বিত্তমন্ত্ৰী সীতাৰমনে জনালে, জিডিপিৰ অন্তত ১৩ শতাংশ ব্যৱহৃত হ’ব কোভিড যুদ্ধত।

বিত্তমন্ত্ৰী সীতাৰমনে জনালে, জিডিপিৰ অন্তত ১৩ শতাংশ ব্যৱহৃত হ’ব কোভিড যুদ্ধত।

  • Share this:
প্ৰত্যাশা মতেই বাজেটৰ আৰম্ভণিতে স্বাস্থ্য খণ্ডৰ সংস্কাৰত গুৰুত্ব দিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। স্বাস্থ্য খণ্ডত মুঠ ২ লাখ ৮৩ হাজাৰ কোটি টকা খৰচ কৰা হ’ব বুলি জনালে নিৰ্মলা সীতাৰমনে। লগতে জনালে, অন্তত ৬৪ হাজাৰ ১৮০ কোটি টকাৰ স্বাস্থ্য পেকেজ আহিছে স্বাস্থ্য সংস্থাসমূহক আৰু অধিক শক্তিশালী কৰিবলৈ। ৩৫ হাজাৰ কোটি টকা খৰচ হ’ব ভেকচিনৰ বাবে। স্বাস্থ্য খণ্ডত ব্যয় বৃদ্ধি কৰা হ’ব ১৭৩ শতাংশ। জিডিপিৰ ১৩ শতাংশ ব্যয় কৰা হ’ব কোভিডত। কমেও ১৫খন জৰুৰীকালীন হাস্পতাল গঢ়ি তোলা হ’ব।

বিত্তমন্ত্ৰী সীতাৰমনে জনালে, জিডিপিৰ অন্তত ১৩ শতাংশ ব্যৱহৃত হ’ব কোভিড যুদ্ধত। ইয়াৰ উপৰি দেশত আৰু দুবিধ কোভিড ভেকচিন আহিছে বুলি প্ৰকাশ কৰে বিত্ত মন্ত্ৰীয়ে।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 12:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি