আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব সাধাৰণ বাজেট

News18 Assam | News18-Assam
Updated:February 1, 2021, 9:40 AM IST
আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব সাধাৰণ বাজেট
ইতিমধ্যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন বিত্ত মন্ত্ৰণালয়ত উপস্থিত হৈছে। আজি সংসদত ২০২১–২২ বৰ্ষৰ বাবে সাধাৰণ বাজেট দাখিল কৰিব।

ইতিমধ্যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন বিত্ত মন্ত্ৰণালয়ত উপস্থিত হৈছে। আজি সংসদত ২০২১–২২ বৰ্ষৰ বাবে সাধাৰণ বাজেট দাখিল কৰিব।

  • Share this:
আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব বহু প্ৰতীক্ষিত সাধাৰণ বাজেট। কোৰোণা কালৰ সৈতে যুঁজি থকা সাধাৰণ জনতাক এই বাজেটে বহু সকাহ দিব বুলি আশা কৰা হৈছে। কৰ ৰেহাইৰ লগতে দেশৰ অৰ্থব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ইতিমধ্যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন বিত্ত মন্ত্ৰণালয়ত উপস্থিত হৈছে। আজি সংসদত ২০২১–২২ বৰ্ষৰ বাবে সাধাৰণ বাজেট দাখিল কৰিব।

কোৰোণা মহামাৰীৰ পিছত এই বাজেটক লৈ অত্যন্ত আশাবাদী দেশৰ জনতা। বিত্ত মন্ত্ৰীয়ে দাখিল কৰিবলগীয়া সাধাৰণ বাজেটে কোৰোণা কালৰ সৈতে যুঁজি থকা সাধাৰণ জনতাক কৰ ৰেহাই দিয়াৰ আশা প্ৰকাশ কৰা হৈছে।

বিশেষজ্ঞসকলৰ মতে,মহামাৰীৰ পৰা লাহে লাহে অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চৰকাৰী সহায়তাৰ প্ৰয়োজন। প্ৰতিটো অৰ্থনৈতিক বৰ্ষৰ বাজেট উত্থাপনৰ পূৰ্বে আয়কৰ ৰেহাইৰ দাবী উঠে। বিশেষজ্ঞৰ মতে, চৰকাৰে নতুন আৰু পুৰণি উভয় শাসন ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। বাজেটত প্ৰশাসনৰ ভাৱমূৰ্তি আৰু অধিক শক্তিশালী কৰাৰ ঘোষণা কৰা হ’ব পাৰে। ইয়াৰ উপৰি আয়কৰ ৰেহাইৰ নতুন নিয়ন্ত্ৰণ মাত্ৰা বা টেক্স শ্লেবত পৰিৱৰ্তন ঘটিব পাৰে বুলি আশা কৰা হৈছে।

বিগত বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এক নতুন আয়কৰ ব্যৱস্থা আৰম্ভ কৰিছিল য’ত সাতটা টেক্স শ্লেব অন্তৰ্ভুক্ত কৰা হৈছিল। এই কৰ বিধি কৰদাতাসকলৰ বাবে কাৰ্যকৰী আছিল। নতুন আয়কৰ ব্যৱস্থাত ৫ লাখৰ পৰা ১৫ লাখৰ ভিতৰত আয়কৰৰ হাৰ কম থাকিলেও কোনো কৰ ৰেহাই আৰু এৰি দিয়াৰ ব্যৱস্থা নাথাকিব।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 9:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি