LIVE NOW

LIVE Union Budget 2020: চাকৰিয়াল–আয়কৰ দাতাসকললৈ ভাল খবৰ, হ্ৰাস পালে আয়কৰৰ পৰিমাণ

৫ৰ পৰা ৭.৫ লাখলৈ ১০ শতাংশ কৰ ধাৰ্য। পূৰ্বে এই হাৰ আছিল ২০ শতাংশ।

assam.news18.com | February 1, 2020, 2:01 PM IST
facebook Twitter google Linkedin
Last Updated February 1, 2020
auto-refresh

Highlights

1:50 pm (IST)

1:14 pm (IST)

12:53 pm (IST)

12:53 pm (IST)

12:52 pm (IST)

12:52 pm (IST)

12:52 pm (IST)

Load More
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে দেশৰ সাধাৰণ বাজেট। সকলোকে সামৰি লোৱাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, বাজেটত কৰদাতাসকলৰ বাবে থাকিব পাৰে বিশেষ সকাহ। এই সংকেত পোৱা গৈছে শুকুৰবাৰৰ আৰ্থিক সমীক্ষাত। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে সংসদত দাখিল কৰে ২০১৯–২০ বিত্তীয় বৰ্ষৰ আৰ্থিক সমীক্ষা। এই সমীক্ষাত আশা প্ৰকাশ কৰা হৈছে যে চৰকাৰে ২০২০ৰ বাজেটত ব্যক্তিগত কৰদাতাসকলৰ বাবে আয়কৰ ৰেহাইৰ ঘোষণা কৰিব পাৰে। লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে বাজেটত।

আয়কৰৰ সীমাৰ সালসলনিৰ সম্ভাৱনা
>> সাধাৰণ বাজেটত এইবাৰ মধ্যবিত্ত আৰু বেতনভোগী কৰ্মচাৰীৰ আয়কৰৰ সীমা সালসলনিৰ আশা কৰা হৈছে।
>> বৰ্তমান ২.৫ লাখ টকালৈ উপাৰ্জনত কোনো ধৰণৰ কৰ দিব নালাগে, আঢ়ৈ লাখৰ পৰা ৫ লাখলৈ দিব লাগে ৫ শতাংশ কৰ।
>> ইয়াৰ পিছত ৫ৰ পৰা ১০ লাখলৈ ২০ শতাংশ আৰু তাৰ ওপৰত ৩০ শতাংশ কৰ আৰোহ কৰা হয়।
>> বিত্তীয় পৰামৰ্শদাতাৰ মতে, ৫ লাখ টকাপৰ্যন্ত উপাৰ্জনলৈ কৰমুক্ত হ’ব লাগে। ইয়াৰ পিছত ৫ৰ পৰা ১০ লাখপৰ্যন্ত উপাৰ্জনত ২০ শতাংশৰ সলনি ১০ শতাংশ, ১০ লাখৰ পৰা ২০ লাখপৰ্যন্ত উপাৰ্জনত ২০ শতাংশ আৰু ২০ পৰা ওপৰৰ আয়ত ৩০ শতাংশ কৰা হোৱা উচিত।