মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»বাজেটত কি সামগ্ৰীৰ দাম কমিল, কিহৰ বাঢ়িল?

বাজেটত কি সামগ্ৰীৰ দাম কমিল, কিহৰ বাঢ়িল?

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:12 PM IST
বাজেটত কি সামগ্ৰীৰ দাম কমিল, কিহৰ বাঢ়িল?
২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে।

২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে।

  • Share this:
আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে সাধাৰণ বাজেট। ২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে। বাজেটত বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ লগতে আন কেতবোৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। আহক জানো কি সামগ্ৰীৰ দাম কমিব, কিহৰ বাঢ়িব?

বাজেটৰ পিছত দাম কমিব – তেল, চেম্পু, টুথপেষ্ট, ডিটাৰজেণ্ট, ঘৰুৱা বৈদ্যুতিক সামগ্ৰী, পাংখা, চেনিটেৰী সামগ্ৰী, ব্ৰীফকেছ, বেগ, বটল, কণ্টেইনাৰ, চশমাৰ ফ্ৰেম, গাদী, বিছনা, বাঁহৰ ফাৰ্ণিচাৰ, শুকান নাৰিকল, ধূপকাঠি, পাস্তা, নিমখীয়া পেকেট খাদ্য, মেয়’নিজ, ছেনিটেৰী নেপকিন, চকলেট, ৱেফাৰ, কাষ্টাৰ্ড পাউডাৰ, লাইটাৰ, কাঁচৰ সামগ্ৰী, কুকাৰ, পাত্ৰ, প্ৰিণ্টাৰ, চৌকা আদি সামগ্ৰীৰ দাম হ্ৰাসৰ প্ৰস্তাৱ লোৱা হৈছে।

বাজেটৰ পিছত দাম বাঢ়িব – পেট্ৰ’ল–ডিজেল, সোণ, কাজু, অটো পাৰ্টছ, ছিন্থেটিক ৰবৰ, PVC আৰু টায়েল্ছ আদি। আনহাতে, AC, অপ্টিকেল ফাইবাৰ, ষ্টেইনলেছ সামগ্ৰী, লাউডস্পীকাৰ, ভিডিঅ’ ৰেকৰ্ডাৰ, চিচিটিভি কেমেৰা, গাড়ীৰ হৰ্ণ, চিগাৰেট আদি সামগ্ৰীৰো দাম বৃদ্ধি পাব পাৰে। সেইদৰে আমদানিকৃত মেডিকেল ডিভাইচ, অটোম’বাইল লেম্প, বীম লাইট, মটৰ বাহনত ব্যৱহৃত তলা, বিদেশী ফাৰ্ণিচাৰ আদি সামগ্ৰীৰো দাম বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে।
Published by: Sanjay Kumar Das
First published: February 1, 2020, 5:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি