চাকৰিয়ালসকলৰ কাৰণে Budget 2020–এ আনিব সুখবৰ! আয়কৰত কেনেকৈ পাব ৰেহাই?

News18 Assam | News18-Assam
Updated:January 15, 2020, 2:16 PM IST
চাকৰিয়ালসকলৰ কাৰণে Budget 2020–এ আনিব সুখবৰ! আয়কৰত কেনেকৈ পাব ৰেহাই?
এইবছৰৰ বাজেটত চাকৰিয়াল কৰদাতাসকলৰ কাৰণে ডাঙৰ সকাহৰ খবৰ আহিব পাৰে। 

এইবছৰৰ বাজেটত চাকৰিয়াল কৰদাতাসকলৰ কাৰণে ডাঙৰ সকাহৰ খবৰ আহিব পাৰে। 

  • Share this:
বাজেট ২০২০ত চৰকাৰে চাকৰি কৰাসকলৰ কাৰণে ডাঙৰ সকাহ দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বিত্ত মন্ত্ৰালয়ে বাজেটত এনেকুৱা আঁচনি আনিব পাৰে য’ত ৰেহাইৰ সুবিধা বাদ দিলে  আপুনি ন্যূনতম দৰত কৰ দিয়াৰ সুযোগ লাভ কৰিব। নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল যে যিসমূহ কোম্পানীয়ে কোনোধৰণৰ ৰেহাইৰ ইনছেনটিভৰ সুবিধা নলয় তেতিয়া তেওঁলোকৰ কৰপৰেট টেক্স ৩০শতাংশৰ পৰা হ্ৰাস কৰি ২২শতাংশ কৰা হ’ব। নতুন মেনুফেকচাৰিং কোম্পানীৰ কাৰণে কৰপৰেট টেক্স ১৫শতাংশ কৰা হৈছে।

লাইভ মিণ্টৰ খবৰ মতে, এই দিশত চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে বিগত বছৰত কৰপৰেট টেক্সত ৰেহাই দিয়াৰ পিছত চৰকাৰে এতিয়া ব্যক্তিগত কৰদাতাসকলক ৰেহাই দিয়াৰ প্ৰস্তুতি কৰিছে। টেক্স শ্লেবত কোনো ডাঙৰ পৰিৱৰ্তনৰ কাৰণে এতিয়া সদ্যহতে অপেক্ষা কৰিব লাগিব যদিও কৰপৰেট ছেক্টৰৰ দৰেই ইণ্ডিভিজুৱেল টেক্সপেয়াৰ্চৰ কাৰণে আঁচনি এইবাৰৰ বাজেটত আহিব পাৰে।

বৰ্তমানৰ টেক্স শ্লেব?

বৰ্তমান ২.৫লাখ টকালৈকে উপাৰ্জন কৰিলে কোনো ধৰণৰ আয়কৰ দিব নালাগে। ২.৫লাখ টকাৰ পৰা ৫লাখ টকালৈ কৰ দিবলগীয়া উপাৰ্জনত ৫শতাংশ টেক্স শ্লেব, ৫লাখৰ পৰা ১০লাখলৈকে ২০শতাংশ টেক্স দিব লাগে। আনহাতে ১০লাখৰ ওপৰৰ কৰ দিবলগীয়া ধন উপাৰ্জন কৰোতাই ৩০শতাংশ টেক্স দিব লাগে। ইয়াৰ লগতে ৫০লাখ টকাৰ ওপৰত কৰদিবলগীয়া ধন উপাৰ্জন কৰাসকলে ছুপাৰ ৰীচ কেটেগৰীৰ চাৰচাৰ্জ (অতি ধনী) বা কৰ দিবলগীয়া হয়। সূত্ৰমতে চৰকাৰে এইবাৰ ইনকাম টেক্সৰ ফ্লেট ৰেট ৫শতাংশৰ পৰা ৩০শতাংশৰ মাজত ৰাখিব পাৰে। হয়তো এই ৰেট ১৫–১৮শতাংশ হ’ব পাৰে। হয়তো এনেকুৱাও হ’ব পাৰে যে কেৱল ৫০লাখ টকাতকৈ অধিক ধন বছৰেকত উপাৰ্জন কৰোতাসকলেহে ফ্লেট ৰেটত কৰ দিবলগীয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি