সুখবৰ! অন্তৱৰ্তীকালীন বাজেটত লাভ কৰা কৰ ৰেহাই বাহাল থাকিব!

বিত্ত মন্ত্ৰালয়ে বিভিন্ন মন্ত্ৰালয় তথা বিভাগক অন্তৱৰ্তীকালীন বাজেটত দিয়া আৱণ্টন সমূহ চলিত বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটতো বাহাল ৰখাৰ সংকেত প্ৰদান কৰিছে। 

news18
Updated:June 7, 2019, 2:49 PM IST
সুখবৰ! অন্তৱৰ্তীকালীন বাজেটত লাভ কৰা কৰ ৰেহাই বাহাল থাকিব!
বিত্ত মন্ত্ৰালয়ে বিভিন্ন মন্ত্ৰালয় তথা বিভাগক অন্তৱৰ্তীকালীন বাজেটত দিয়া আৱণ্টন সমূহ চলিত বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটতো বাহাল ৰখাৰ সংকেত প্ৰদান কৰিছে। 
news18
Updated: June 7, 2019, 2:49 PM IST
৬জুলাইত পূৰ্ণাংগ বাজেট লোকসভাত দাখিল কৰা হ’ব। লোকসভা নিৰ্বাচনৰ কাৰণে ফেব্ৰুৱাৰী মাহত বিত্ত মন্ত্ৰালয়ে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। এতিয়া নতুন চৰকাৰ গঠন হোৱাৰ পিছত নতুন বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫জুলাইত বাজেট দাখিল কৰিব।

অন্তৱৰ্তীকালীন বাজেটত দিয়া ৰেহাইৰ কোনো সাল–সলনি নহয়

মন্ত্ৰালয়ে এটা সূত্ৰত প্ৰকাশ কৰা মতে অন্তৱৰ্তীকালীন বাজেটত অন্তৰ্ভুক্ত নকৰা কিছুমান  প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পূৰ্ণাংগ বাজেটত আৱণ্টন দিয়া হ’ব। মন্ত্ৰালয়ে কৈছে, অন্তৱৰ্তীকালীন বাজেট ২০১৯–২০ত কৰা আৱণ্টনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা নহয়।

নতুন বাজেট টীমত কোন কোন?

সীতাৰমণৰ বাজেট টীমত বিত্ত (ৰাজ্য) মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু মুখ্য বিত্তীয় উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়াম আছে। প্ৰশাসনী টীমৰ নেতৃত্বত বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গ, ব্যয় সচিব গিৰিশ চন্দ্ৰ মূৰ্মূ, ৰাজহ সচিব অজয় ভূষণ পাণ্ডেয়া, সচিব অতনু চক্ৰৱৰ্তী আৰু বিত্তীয় লেন দেনৰ সচিব ৰাজীৱ কুমাৰ থাকিব।

বিত্ত মন্ত্ৰীৰ সন্মুখত কি প্ৰত্যাহ্বান?

সীতাৰমণে নিজৰ বাজেটত লেহেমীয়া অৰ্থব্যৱস্থা, সংস্থাপন বৃদ্ধি, ৰাজকোষৰ ওপৰত পৰা চাপ আদি বিভিন্ন বিষয় সমাধান কৰি ৰাজহুৱা খৰছ বৃদ্ধি কৰাৰ দিশতো ব্যৱস্থা ল’ব লাগিব। নতুন লোকসভাৰ প্ৰথম অধিৱেশন ১৭জুনৰ পৰা ২৬জুলাইলৈ অনুষ্ঠিত হ’ব। বিত্তীয় বৰ্ষ ২০১৯–২০ৰ আৰ্থিক সমীক্ষা বাজেটৰ এদিন পূৰ্বে ৪জুলাইত জাৰি কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি