বন্ধ নহয় BSNL আৰু MTNL, কৰ্মচাৰী আৰু কোম্পানীক লৈ ডাঙৰ ঘোষণা মোদী চৰকাৰৰ

ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰে কৰ্মচাৰীৰ বাবে আকৰ্ষণীয় ভি আৰ এছ পেকেজ আগবঢ়াব।

News18-Assam
Updated:October 24, 2019, 8:51 AM IST
বন্ধ নহয় BSNL আৰু MTNL, কৰ্মচাৰী আৰু কোম্পানীক লৈ ডাঙৰ ঘোষণা মোদী চৰকাৰৰ
ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰে কৰ্মচাৰীৰ বাবে আকৰ্ষণীয় ভি আৰ এছ পেকেজ আগবঢ়াব।
News18-Assam
Updated: October 24, 2019, 8:51 AM IST
বন্ধ নহয় BSNL আৰু MTNL। বিত্তীয় সংকটৰ সৈতে যুঁজি থকা চৰকাৰী টেলিকম কোম্পানী BSNLৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকাহ। ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL) আৰু মহানগৰ টেলিফোন নিগম লিমিটেড (MTNL)ৰ ১৫০০০ কোটি টকাৰ ৰিভাইভেল প্লেনত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।

কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে বিএছএনএল আৰু এমটিএনএল বন্ধ কৰা নহয়। লগতে কোম্পানী দুটা বিক্ৰী কৰাৰো কোনো পৰিকল্পনা নাই। পূৰ্বৰ চৰকাৰে বিএছএনএলৰ সৈতে বহুত অন্যায় কৰিছে। আগন্তুক চাৰি বছৰত ৩৮০০০ কোটি টকাৰ মনিটাইজ কৰা হ’ব।

ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰে কৰ্মচাৰীৰ বাবে আকৰ্ষণীয় ভি আৰ এছ পেকেজ আগবঢ়াব। যদি কোনো কৰ্মচাৰীৰ বয়স ৫৩ বছৰ হয়, তেন্তে তেওঁ ৬০ বছৰলৈ ১২৫ শতাংশ দৰমহা লাভ কৰিব। অন্য টেলিকম কোম্পানীৰ খৰচ মানৱ সংশাধনৰ ওপৰত মাত্ৰ ৫ শতাং, কিন্তু এই দুই কোম্পানীৰ ৭০ শতাংশ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি