মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বিএছএফৰ গুলীচালনাত এজন সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ মৃত্যু; আনহাতে ঘটনা সন্দৰ্ভত পৰিয়ালবৰ্গৰ বিপৰীত ভাষ্য

কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বিএছএফৰ গুলীচালনাত এজন সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ মৃত্যু; আনহাতে ঘটনা সন্দৰ্ভত পৰিয়ালবৰ্গৰ বিপৰীত ভাষ্য

উক্ত ঘটনাৰ পিছতে গৰু চোৰাং ব্যৱসায়ৰ সৈতে বৰ্মনৰ সম্পৰ্ক সম্পৰ্কীয় বিএছএফ আৰু স্থানীয় বাসিন্দা উভয়ৰে দাবীৰ পাৰ্থক্যক লৈ অঞ্চলটোত বৰ্তমান উত্তেজনা পৰিস্থিতিয়ে বিৰাজ কৰিছে 

  • Share this:
কালি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ সমীপত এজন সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। নিহত যুৱকজন কোচবিহাৰ জিলাৰ গীতালদহা গাঁৱৰ নিবাসী প্ৰেম কুমাৰ বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

উক্ত ঘটনাৰ পিছতে গৰু চোৰাং ব্যৱসায়ৰ সৈতে বৰ্মনৰ সম্পৰ্ক সম্পৰ্কীয় বিএছএফ আৰু স্থানীয় বাসিন্দা উভয়ৰে দাবীৰ পাৰ্থক্যক লৈ অঞ্চলটোত বৰ্তমান উত্তেজনা পৰিস্থিতিয়ে বিৰাজ কৰিছে। বিএছএফৰ জোৱানসকলে দাবী কৰে যে, মৃত লোকজনে সীমান্ত অঞ্চলৰ মাজেৰে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল আৰু মৌখিক সতৰ্কবাণী দিয়াৰ পিছত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে।

অৱশ্যে, আনফালে মৃতকৰ পৰিয়ালৰ লোকে এই অভিযোগ অস্বীকাৰ কৰি নিহত যুৱকজনৰ চোৰাং ব্যৱসায়ৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বুলি দাবী কৰিছে।

মৃত যুৱকজনৰ পিতৃয়ে দাবী কৰে যে, প্ৰেম কুমাৰ বৰ্মন বেংগালুৰুত কৰ্মৰত আছিল আৰু কিছুদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল। আগন্তুক সোমবাৰে তেওঁ বেংগালুৰুলৈ উভতি যোৱাৰ কথা আছিল।  কিন্তু তাৰ পূৰ্বেই বিএছএফৰ জোৱানে যুৱকজনক বিনা কাৰণতে গুলীচালনা কৰে।

উল্লেখ্য যে, এই তথ্য লাভ কৰাৰ লগে লগে কোচবিহাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত বিতং তদন্ত আৰম্ভ কৰা হ’ব বুলি অৱগত কৰিছে।

শেহতীয়া বাতৰি