মুখ্যপৃষ্ঠা »খবৰ »দেশ »PAKISTANI DRONE : পাকিস্তানৰ ১৬খন ড্ৰ'ন ধ্বংস কৰিলে বিএছএফে, সক্ৰিয় হৈ আছে এণ্টি ড্ৰ'ন ছিষ্টেম

PAKISTANI DRONE : পাকিস্তানৰ ১৬খন ড্ৰ'ন ধ্বংস কৰিলে বিএছএফে, সক্ৰিয় হৈ আছে এণ্টি ড্ৰ'ন ছিষ্টেম

বিএছএফৰ মহানিৰীক্ষক ডি কে বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, পাকিস্তানে ড্ৰ'ন প্ৰেৰণ কৰিলে ধ্বংস হোৱাটো নিশ্চিত

  • Share this:

জম্মু-কাশ্মীৰ সীমান্তত ড্ৰ'নৰ জৰিয়তে পাকিস্তানে কৰিব বিচৰা কূটাঘাতৰ ষড়যন্ত্ৰক বিফল কৰিছে বিএছএফে। ভাৰতীয় সেনাৰ অত্যাধুনিক এণ্টি ড্ৰ'ন ছিষ্টেমৰ সহায়ত ১৬ নৱেম্বৰলৈকে পাকিস্তানৰ ১৬খন ড্ৰ'ন ধ্বংস কৰিছে বিএছএফে।

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ সঞ্চালকপ্ৰধান পংকজ কুমাৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ভাৰত-পাকিস্তান সীমান্তৰ বিভিন্ন স্থানত বৰ্তমান সক্ৰিয় হৈ আছে এণ্টি ড্ৰ'ন ছিষ্টেম।

ভাৰতৰ এই প্ৰযুক্তিৰ বাবেই পাকিস্তানৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বৰ্তমান ড্ৰ'ন আক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পাইছে। বিএছএফৰ মহানিৰীক্ষক ডি কে বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি পাকিস্তানে ড্ৰ'ন প্ৰেৰণ কৰিলে ধ্বংস হোৱাটো নিশ্চিত।

ইপিনে বৰ্তমান জম্মুৰ সীমা সম্পূৰ্ণৰূপে সুৰক্ষিত বুলিও দাবী কৰিছে বিএছ এফে। বৰাই লগতে কয় অনাগত সময়তো সীমান্তৰে যাতে কোনো অনুপ্ৰৱেশকাৰী অথবা সন্ত্ৰাসবাদী প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ আছে বিএছএফ।

শেহতীয়া বাতৰি