টেলিভিছনত মেগি নুডলছ (Maggi Noodles)ৰ বিখ্যাত বিজ্ঞাপনটো ছাগে সকলোৰে মনত আছে। ভোকত চিঞৰ-বাখৰ কৰা কণমানিকেইটাক ২ মিনিটত মেগি বনাই আনি দিয়ে মাকে। অৱশ্যে বাস্তৱত দুই মিনিটত মেগি হয়নে নহয় অভিজ্ঞসকলে নিজেই জানে। পিছে আপোনাৰ মেগি দুই মিনিটত হওক বা নহওক ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) চমুকৈ BSFএ ২ মিনিটত সাজু কৰি তুলিব পাৰে টুকুৰা টুকুৰ কৰি পেলোৱা এখন বাহন। আপোনাৰ চকুৰ সন্মুখত কৰিব এই কাম।
শেহতীয়াকৈ BSFৰ এটা ভিডিঅ' ভাইৰেল হৈছে যিটোত BSFৰ জোৱানে এখন বাহন খুলি মেলি টুকুৰা টুকুৰ কৰাৰ পিছত আকৌ মাত্ৰ ২ মিনিটতে চলিব পৰাকৈ সাজু কৰি তুলিব পাৰে। বিশ্বাস হোৱা নাই যদি চাওক এই ভিডিঅ'
Chetak Drill
Watch Seema Praharis dismantle & reassemble a light motor vehicle in a demonstration of obstacle crossing during disaster response & operational scenario.